নিউজ ডেস্ক: শ্বিলঙত অনুষ্ঠিত দ্বিতীয় সংখ্যক নৰ্থ-ইষ্ট অলিম্পিক গে’মছত অসমে পদকৰ তালিকাত শীৰ্ষ স্থানত আছে। প্ৰতিযোগিতাখনৰ তৃতীয় দিনাৰ অন্তত অসমে ১৭ টো সোণ, ১১ ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, ২০১৮ চনৰ চেম্পিয়ন মণিপুৰে ১১ টা সোণ, ১২ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদক লাভ কৰি তালিকাত দ্বিতীয় স্থানত আছে।
অৰুণাচল প্ৰদেশে ৭টা সোণ, ৬ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ সৈতে তৃতীয় স্থানত থকাৰ বিপৰীতে মিজোৰামে ৪টা সোণ, ৪ টা ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ পদকৰে চতুৰ্থ স্থানত আছে। আনহাতে আয়োজক ৰাজ্য মেঘালয়ে ১টা সোণ, ৫ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদকেৰে পঞ্চম, নাগালেণ্ড ১ টা সোণ আছে আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে ষষ্ঠ স্থানত আছে। ছিকিম ৩ টা ৰূপ আৰু 8 টা ব্ৰঞ্জৰ সৈতে সপ্তম স্থানত আৰু ত্ৰিপুৰা 8 টা ব্ৰঞ্জৰ পদকেৰে অন্তিম স্থানত আছে।
শুকুৰবাৰে অসমৰ পৰা সাঁতোৰত ৬ টা সোণৰ পদক অৰ্জন কৰে। অসমৰ অংচুমান কাশ্যপ (১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোক পুৰুষ), দিশা গগৈ (১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোক মহিলা), দৰ্শিতা বৰুৱা (৫০ মিটাৰ বেকষ্ট্ৰোক মহিলা), জনজয় জ্যোতি হাজৰিকা (১০০ মিটাৰ বাটাৰফ্লাই পুৰুষ), পুৰুষৰ ৪X৫০ মিটাৰ ৰিলে ৰিলেম মেডলি আৰু মহিলাৰ ৪X৫০ ৰিলে মেডলিত স্বৰ্ণ লাভ কৰে।
লগতে পঢ়ক – কাৰ্বি আংলঙৰ খাটখটিত ১ কোটি কটা হেৰোইনসহ এজনক আটক