খেলপথাৰত উতপ্ত পৰিস্থিতি

সোণাৰি: সোণাৰীত চলি থকা ছিনিয়ৰ আন্তঃজিলা ফুটবলৰ দ্বিতীয়খন ছেমি ফাইনেলৰ সামৰণিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ৰেফাৰী আৰু গুৱাহাটী ফুটবল দলৰ প্ৰশিক্ষকৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাই উতপ্ত কৰি থাকে খেলপথাৰ খন ।
সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ওদালগুৰিৰ হাতত ১-০ গ’লত পৰাস্ত হয় গুৱাহাটী ।তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনৰ ২৯ মিনিটত ১০ নং জাৰ্চি পৰিহিত ওদালগুৰিৰ নচিব চোৰেনে অপূৰ্ব দক্ষতাৰে নিৰ্ণায়ক গ’লটো কৰে।
মেচখনত ৰেফাৰীৰ কিছু সিদ্ধান্তই অসন্তুষ্ট কৰিছিল গুৱাহাটী দলৰ প্ৰশিক্ষকজনক । খেলৰ শেষত ৰেফাৰীৰ সিদ্ধান্তক গুৱাহাটীৰ প্ৰশিক্ষকে বিৰোধিতা কৰাক কেন্দ্ৰ কৰি মাৰপিট আৰম্ভ হয়। গুৱাহাটী দলৰ খেলুৱৈ আৰু প্ৰশিক্ষকক দৰ্শকেও মাৰপিট কৰাৰ অভিযোগ ।

খেলৰ ফলাফল আৰু ৰেফাৰীৰ ভুমিকাক লৈ অসন্তোষ্ট গুৱাহাটী দলৰ প্ৰশিক্ষক বিজয় সোণোৱালৰ খেলৰ শেষত কৰা প্ৰতিবাদে মাৰপিটলৈ ৰূপান্তৰ হয় । পিছত আৰক্ষী অধীক্ষকৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

লগতে পঢ়ক-ধেমাজিত শহুৰেকৰ যৌন নিৰ্যাতনৰ বলি বোৱাৰী

 খেল পৰিচালনা কৰে ৰূপজ্যোতি মহন, অসীম হাজৰিকা, কিৰণ মিলি আৰু চতুৰ্থ ৰেফাৰী ৰেফাৰী কপিল চেতিয়াই।৬৯ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃ জিলা ক্ষীৰোদ বৰুৱা সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ অহা ২৫ অক্টোবৰত ফাইনেলত ওদালগুৰিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply