নিউজ ডেস্কঃ অহা ২৬ ৰ পৰা ২৮ নৱেম্বৰলৈ আহমেদাবাদত অনুষ্ঠিত হ’ব চতুৰ্থ অল ইণ্ডিয়া ফিনছুইমিং ফেডাৰেচন কাপ।
আণ্ডাৰ ৱাটাৰ স্প’ৰ্টছ এছ’চিয়েছন অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
অসমৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ মাৰ্লিন একোৱাটিকছৰ সাতগৰাকীকৈ খেলুৱৈয়ে অংশ ল’ব এই প্ৰতিযোগিতাত।
লগতে পঢ়কঃপথ দুর্ঘটনাত আহত ৰূপহী কলেজৰ এগৰাকী ছত্ৰী
অসমৰ পৰা অংশগ্ৰহণ কৰিব লগা খেলুৱৈসকল হ’ল, অহিৰণ পল বৰগোহাঁই, ইমন বৰদলৈ, খ্যাতিমন্ত গগৈ, স্বস্তিকা ভুজেল, সমীৰণ নাথ, মীৰাজ হুছেইন আৰু সন্তোষ নাৰ্জাৰী।