গুৱাহাটী : অসমৰ অন্তৰীশ তামুলীয়ে চলিত ১৪ বছৰ অনুর্ধ অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্রীয় টেনিছ প্রতিযােগিতাৰ ল’ৰাৰ ডবলছ শাখাৰ খিতাপ দখল কৰাৰ বিপৰীতে একক শাখাৰ ছেমিফাইনেলত পৰাজয় স্বীকাৰ কৰিছে। উল্লেখ্য যে অসম টেনিছ সন্থাৰ উদ্যোগত মহানগৰীৰ চচল টেনিছ প্রকল্পত চলি থকা প্রতিযােগিতাৰ আজি অনুষ্ঠিত হােৱা ডাবলছ শাখাৰ ফাইনেলত অসমৰ অন্তৰীশ তামুলী আৰু তেওঁৰ সংগী গুজৰাটৰ বৰাজ গহিলে ৬-৪, ৬-৩ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰে অসমৰ বেদ আদিত্য কলিতা আৰু তেওঁৰ সংগী কর্ণাটকৰ আৰাধ্যা কছিটিজক।
লগতে পঢ়ক : পৰম্পৰাগত খাদ্য সম্ভাৰ জীয়াই ৰাখি আত্মনিৰ্ভৰশীল এদল যুৱক-যুৱতী
কিন্তু একক শাখাৰ মেচত অঘটনৰ সন্মুখীন হয় অন্তৰীশ। দ্বিতীয় বাচনিপ্রাপ্ত অন্তৰীশ তামুলীক আজি ছেমিফাইনেলত পৰাস্ত কৰে কৰ্ণাটকৰ আৰাধ্যা কছিটিজে। পঞ্চম বাচনিৰ আৰাধ্যাই ৬-০, ৬-৩ৰ পােনপটীয়া ব্যৱধানত অন্তৰীশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া কাইলৈ হ’বলগা ফাইনেলত আধ্যা মুখামুখি হ’ব গুজৰাটৰ বৰাজ গহিলৰ। উল্লেখ্য যে ল’ৰাৰ একক শাখাৰ দ্বিতীয়খন ছেমিফাইনেলত গহিলে ৬-১, ৬-১ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰে গুজৰাটৰ ভয়ম শ্বাহক। আজি ডাবলছৰ খিতাপ লাভ কৰা গহিলে কাইলৈ দ্বিমুকুট অর্জন কৰাৰ লক্ষ্য লৈছে।
লগতে পঢ়ক : নিমাতীঘাট ফেৰী দুৰ্ঘটনা : প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্বিচাৰ লাঠিচাৰ্জ
ইফালে, ছােৱালীৰ একক শাখাৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ নাইনিকা বেণ্ডৰাম আৰু গুজৰাটৰ মান’জ্ঞানা মাদাছােৰ মাজত। আজি অনুষ্ঠিত হােৱা প্ৰথমখন ছেমিফাইনেলত পঞ্চম বাচনিৰ মহাৰাষ্ট্রৰ নাইনিকা বেণ্ডৰামে অঘটন সৃষ্টি কৰি তিনিটা মাৰাথান ছেটৰ অন্তত ৬-৭, ৬-৪, ৭-৬ ব্যৱধানত পৰাস্ত কৰে ওডিছাৰ শীর্ষ বাচনিৰ ছ’হিনি সঞ্জয় মােহান্তীক। আনহাতে, দ্বিতীয়খন ছেমিফাইনেলত গুজৰাটৰ মান’জ্ঞানা মাদাছােই ৬-৪, ৬-২ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰে ওডিছাৰ আহানক। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনােৱা অনুসৰি ল’ৰা আৰু ছােৱালীৰ একক শাখাৰ ফাইনেল কাইলৈ পূৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব।