গুৱাহাটী : অসম টেনিছ সন্থাৰ উদ্যোগত মহানগৰীৰ চচল টেনিছ প্রকল্প অনুষ্ঠিত হােৱা ১৪ বছৰ অনুর্ধ অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্রীয় টেনিছ প্রতিযােগিতাৰ আজি সফল সামৰণি পৰিছে। উল্লেখ্য যে প্রতিযােগিতাত ল’ৰাৰ শাখাত গুজৰাটৰ বাজ গহিলে আৰু ছােৱালীৰ শাখাত মহাৰাষ্ট্রৰ নাইনিকা ৰেড্ডী বেণ্ডৰামে দ্বিমুকুট অর্জন কৰিবলৈ সক্ষম হৈছে।

আজি অনুষ্ঠিত হােৱা ল’ৰাৰ একক শাখাৰ ফাইনেলত শীর্ষ বাচনিৰ বৰাজ গহিল মুখামুখি হয় কর্ণাটকৰ আৰাধা কছিটিজৰ। একপক্ষীয় মেচখনত গহিলে ৬-১, ৬-৪ৰ পােনপটীয়া ব্যৱধানত কাছিটিজক পৰাস্ত কৰি দ্বিতীয়টো খিতাপ অর্জন কৰে। উল্লেখ্য যে ইয়াৰপূর্বে গহিলে কালি ল’ৰাৰ ডবলছ শাখাৰ ফাইনেলত অসমৰ অন্তৰীশ তামুলীৰ স’তে যুটি বান্ধি ৬-০, ৬-৩ৰ পােনপটীয়া ব্যৱধানত অসমৰ বেদ আদিত্য কলিতা আৰু তেওঁৰ সংগী কর্ণাটকৰ আৰাধ্যা কছিটিজক হৰুৱাই খিতাপ লাভ কৰিছিল।

ইফালে, চচল টেনিছ প্রকল্পত আজি অনুষ্ঠিত হােৱা ছােৱালীৰ একক শাখাৰ ফাইনেলত পঞ্চম বাচনিৰ মহাৰাষ্ট্ৰৰ নাইনিকা ৰেড্ডী বেণ্ডৰামে হেলাৰঙে মেচ জয় কৰি প্ৰতিযােগিতাত দ্বিতীয়টো খিতাপ দখল কৰে। ফাইনেলত নাইনিকা মুখামুখি হয় গুজৰাটৰ মান’জ্ঞানা মাদাছােৰ। একপক্ষীয় মেচখনত নাইনিকাই ৬-৪, ৬-১ৰ পােনপটীয়া ব্যৱধানত মান’জ্ঞানাক পৰাস্ত কৰি খিতাপ দখলৰে দ্বিমুকুট অর্জন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইয়াৰপুর্বে কালি অনুষ্ঠিত হােৱা ছােৱালীৰ ডাবলছ শাখাৰ ফাইনেলত মহাৰাষ্ট্ৰৰ যুটি নাইনিকা ৰেড্ডী বেণ্ডৰাম আৰু ঐশ্বৰিয়া যাবে ৬-৩, ৬-১ৰ পােনপটীয়া ব্যৱধানত ওডিছাৰ শীর্ষ বাচনিৰ ছ’হিনি সঞ্জয় মােহান্তী আৰু দিল্লীৰ মানসী সিঙক পৰাস্ত কৰি খিতাপ লাভ কৰিছিল।

খেলৰ অন্তত অনুষ্ঠিত হােৱা বঁটা প্রদান অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি ট্ৰফী প্রদান কৰে অইল ইণ্ডিয়া লিমিটেডৰ দুই শীর্ষ বিষয়া সন্দিপ গােস্বামী আৰু ৰামানুজ দত্তই। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তৰ লগতে সন্থাৰ অন্য সদস্যসকলাে উপস্থিত থাকে সামৰণি অনুষ্ঠানত। উল্লেখ্য যে ক’ভিডৰ সময়তে সর্বভাৰতীয় টেনিছ ফেডাৰেছনে অসমত দুখনকৈ আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযােগিতা (১৪ বছৰ অনুর্ধ আৰু ১৬ বছৰ অনুর্ধ ) আয়ােজনৰ দায়িত্ব দিছিল অসম টেনিছ সন্থাক।

লগতে পঢ়ক : টীয়কৰ দক্ষিণপাট আশ্ৰমী সত্ৰত গণেশ চতুৰ্থী উদযাপন

ৰাজ্যিক সন্থাটোৱে দূয়ােখন ৰাষ্ট্রীয় প্রতিযােগিতা অইল ইণ্ডিয়া লিমিটেডৰ সহায়ত সুকলমে কৰনাৰনীতি-নির্দেশনা মানি চলি আয়ােজন কৰি প্রত্যাসিত সফলতা লাভ কৰিছে। উল্লেখ্য যে ক’ভিড ত্ৰাসৰ পাছত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ল কোনাে ৰাষ্ট্রীয় প্রতিযােগিতা। স্বাভাৱিকতে এয়া অসম টেনিছ সন্থাৰ সফলতা আৰু দৃঢ়তা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply