নিউজ ডেস্কঃ বর্তমান ভাৰতীয় ক্ৰিকেট দলৰ কিট ডিজাইনৰ অধিকাৰ থকা কিলাৰ জিনছৰ লগত চলিত বৰ্ষৰ জুন মাহত চুক্তি শেষ হোৱাৰ দিশে । তেনেতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডয়ে সন্ধান কৰি আছে নতুন কিট স্পনছ’ৰ ।
শেহতীয়া খবৰ অনুসৰি, চলিত বৰ্ষৰ জুনৰ পৰাই ভাৰতীয় ক্ৰিকেট দলে পৰিধান কৰিব নতুন স্পনছ’ৰ পোছাক। যাৰ দৌৰত আগবাঢ়ি আছে বিশ্বখ্যাত ক্রীড়া সামগ্রী প্রস্তুতকাৰী সংস্থা এডিডাছ।
বৰ্তমান কিট স্পনছ’ৰ কিলাৰ জিনছৰ ক্ৰিকেটৰ ক্ষেত্ৰত কোনো অভিজ্ঞতা নথকাৰ বাবে ব’ৰ্ডৰ বহু সদস্যয়ে আদৰ্শ চুক্তি হিচাপে গণ্য কৰা নাছিল। যাৰ পৰিপ্ৰেক্ষিততেই ব’ৰ্ডে এই চুক্তি সংশোধন কৰাত আগ্রহ প্রকাশ কৰিছিল।
উল্লখযোগ্য যে, বর্তমান ভাৰতীয় ক্ৰিকেট দলৰ ৰোহিত শর্মাকে ধৰি কুলদীপ যাদৱ আৰু ঋষভ পন্ট এডিডাছৰ ব্ৰেণ্ড এম্বেছেডৰ। যদি ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সৈতে সফলতাৰে চুক্তি সম্পন্ন হৈ যায় তেতিয়া হ’লে ২০২৮ চনৰ লৈকে ভাৰতীয় ক্ৰিকেট দলে adidas য়ে ডিজাইন কৰা কিট পৰিধান কৰিব।