ভাৰত মহাসাগৰত সাঁতুৰি এক নতুন যুগৰ সূচনা কৰিলে অসমৰ দুই সন্তানে। বাবুল গুৰুং আৰু কস্তুৰী গগৈয়ে একক প্ৰচেষ্টাৰে এই অভিযানৰ আৰম্ভ কৰি লাভ কৰে সফলতা।
দুয়োৰে লক্ষ্য আছিল গ্ৰীণিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম খোদিত কৰা । শ্ৰীলংকাৰ কলম্বোৰ মানাৰ দ্বীপৰ পৰা এই দুঃসাহসিক যাত্ৰা আৰম্ভ কৰি তামিলনাডুৰ আৰ্চুলমুলাইত উপস্থিত হৈছিল ১৩ঘন্টা ৫০ মিনিটত।
দুয়ো অতিক্ৰম কৰিছিল প্ৰায় ১১০ কিঃমিঃ দূৰত্ব। শ্ৰীলংকাৰ পৰা নিশা ২ বজাত সাঁতোৰ আৰম্ভ কৰি আজি বিয়লী তামিলনাডুত উপস্থিত হয় বিয়লী ৩.৫০ বজাত।দেশৰ নৌসেনা বাহিনী আৰু সৰ্বভাৰতীয় সাতোৰ ফেডাৰেচনে এই দুঃসাহসিক যাত্ৰাত সহযোগিতা আগবঢ়াই। ভাৰত মহাসাগৰত এনে অভিযান কৰা বাবুল গুৰুং আৰু কস্তুৰী গগৈ প্ৰথমটো উত্তৰপূৰ্বৰ সাঁতোৰবিদ।

সৰুসজাইৰ জাকিৰ হুছেইন একুৱাটিক চেন্টাৰত বাবুল গুৰুঙৰ নেতৃত্বতে এই দুঃসাহসিক যাত্ৰাৰ বাবে প্ৰশিক্ষণ লৈ থকা ১০ বছৰীয়া কস্তুৰী গগৈয়ে ৪ বছৰৰ পৰাই সাঁতোৰত নামিছিল। মাৰিয়া পাব্লিক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী কস্তুৰীয়ে যোৱা ২০২১ বৰ্ষৰ জানুৱাৰী মাহত ৰাষ্ট্ৰীয় সাগৰীয় সাঁতোৰত আৰব মহাসাগৰত সাঁতুৰি ৰূপৰ পদক অৰ্জন কৰিছিল।