নিউজ ডেস্ক:আবু ধাবিত অনুষ্ঠিত হোৱা জিম্বাব’ৱে আৰু আফগানিস্তানৰ মাজত হোৱা দ্বিতীয় টেষ্টত জয়েৰে আফগানিস্তানে জিম্বাব’ৱেৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে৷ আবু ধাবিত দেওবাৰে সামৰণি পৰা মেচখনত আফগানিস্তানে ৬ উইকেটত জয়লাভ কৰে ৷
এই টেষ্টখনত আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰশ্বিদ খানে বৰ্তমান শতিকাত এখন টেষ্টত সর্বাধিক অ’ভাৰ বলিং কৰাৰ অভিলেখ সৃষ্টি কৰিছে৷ ৰশ্বিদ খানে দেওবাৰে সামৰণি পৰা দ্বিতীয় টেষ্টত তেওঁ মুঠ ৯৯.২ অ’ভাৰ বলিং কৰে৷ ৰশ্বিদে প্রথম ইনিংছত ৩৬.৩ অ’ভাৰ আৰু দ্বিতীয় ইনিংছত ৬২.৫ অ’ভাৰ বলিং কৰে৷ মেচখনত তেওঁ মুঠ ১১টা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, ১৯৯৮ চনত শ্রীলংকাৰ কিংবদন্তি অফ স্পিনাৰ মুথিয়া মুৰুলীধৰণে ইংলেণ্ডৰ বিৰুদ্ধে দ্য অ’ভেলত ১১৩.৫ অ’ভাৰ বলিং কৰি বিশ্ব অভিলেখ ৰচনা কৰিছিল ৷