নিউজ ডেস্কঃ বহু উৎকন্ঠাৰ মাজেৰেই বিজয়া দশমীৰ দিনা সামৰণি পৰিল আইপিএল। মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে চতুৰ্থবাৰৰ বাবে আইপিলৰ চেম্পিয়নৰ খিতাপ দখল কৰে।আইপিএলৰ ফাইনেল খেলখনত চেন্নাইৰে মুখামুখী হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ।
কলকাতা নাইট ৰাইডৰ্ছে সুন্দৰ আৰম্ভণিয়েই কৰিছিল। কিন্তু মিডল অৰ্ডাৰ বেটচমেনৰ দুৰ্বল প্ৰদৰ্শনে দলটোক বিপদত পেলায়। প্ৰথমে বেটিং কৰি চেন্নাই ছুপাৰ কিংছে ফাপ ডু প্লেছীৰ ৮৬ ৰানৰ সহায়ত ৩ উইকেটত ১৯৩ ৰান সংগ্ৰহ কৰে।
লগতে পঢ়কঃপাকিস্তানক গোপন তথ্য যোগান ধৰি অহাৰ অভিযোগত সেনা জোৱানক গ্ৰেপ্তাৰ
চেন্নাইৰ ১৯৩ৰাণ প্ৰত্যুত্তৰত কলকাতাই তেওঁলোকৰ নিৰ্দিষ্ট ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬৫ৰাণতে ইনিংছ সামৰে। ফলত ২৭ৰাণত চেন্নাইৰ হাতত পৰাজিত হয় মৰ্গানৰ কলকাতা নাইট ৰাইডাৰ্ছ।
আনহাতে, মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন দলটোৱে খিতাপ জয় কৰাৰ পিছতে আৱেগিক হৈ পৰে ধোনীৰ পত্নী সাক্ষী ধোনী। ষ্টেডিয়ামত পত্নী সাক্ষী আৰু কন্যা জিভাই সাৱটি ধৰিলে মহেন্দ্ৰ সিং ধোনীক।