সোণাৰি: অসম ফুটবল সন্থাই চলিত বৰ্ষত ক্ষীৰোদ বৰুৱা সোঁৱৰণত আয়োজন কৰা ৬৯ সংখ্যক চিনিয়ৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতা খনি এইবাৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অনুষ্ঠিত কৰা হৈছে।
চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনৰ চূড়ান্ত পৰ্যায়ৰ খেলসমূহৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। অসম ফুটবল সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত চৰাইদেউ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে সোণাৰিৰ যথেষ্ট সংখ্যক ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে।
উল্লেখ্য যে ৰাজ্যৰ সাতটা মণ্ডলৰ পৰা নিৰ্বাচিত সাতটা ফুটবল দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাখনত। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দল সমূহৰ মাজৰপৰাই আগন্তুক সণ্টোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগীয়া অসম ফুটবল দলটো গঠন কৰা হৈছে।
মন কৰিবলগীয়া যে ক’ভিডকালীন পৰিস্থিতিৰ কিছু শাম কটাৰ পাছত সোণাৰিত অনুষ্ঠিত হোৱা এই ফুটবল প্ৰতিযোগিতা খন চাবলৈ ক্ৰীড়াপ্ৰেমী সকল আজি ওলাই অহা পৰিলক্ষিত হয়। আজি মৰিগাঁও জিলা ফুটবল একাদশ বনাম শিলচৰ ফুটবল একাদশ দলৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতা খন।
লগতে পঢ়ক- পেট্ৰ’লৰ মূল্য ১০০ সীমা অতিক্ৰম কৰাৰ পিছতো শাসকীয় বিজেপি নেতাৰ তুলুঙা মন্তব্য