নিউজ ডেস্কঃ ইতিহাস ৰচিলে ভাৰতীয় মহিলা মল্লযোদ্ধা Antim Panghal। বুলগেৰিয়াত অনুষ্ঠিত U20 World Champion In Women’s Wrestlingত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা। Antim Panghal ৫৩ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰতিদ্বন্দী কাজাখস্তানৰ Atlyn Shagayeva ৮-০ গ’লত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে।

হাৰিয়ানাৰ হিছাৰ জিলাৰ ভগনা গাঁৱৰ ১৭বছৰীয়া Antim Panghal এ প্ৰতিযোগিতাৰ আৰম্ভণীতে Antim Panghal জাৰ্মান এমেৰী অলিভিয়াৰ বিৰুদ্ধে খেলি ১১-0 ত পৰাস্ত কৰিছিল আৰু শ্ৰেষ্ঠতাৰে খেলখন জিকিছিল। ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে তেওঁৰ দ্বিতীয় খন খেলত জাপানৰ আয়াকা কিমুৰাক পৰাস্ত কৰিছিল। ছেমি ফাইনেল খেলখনত Panghal এ ইউক্ৰেইনৰ নাটালিয়া ক্লিভচুটস্কাৰ মুখামুখি হয় আৰু ১১-২ ৰ স্ক’ৰলাইনৰ সৈতে প্ৰতিযোগিতাখন আধিপত্যপূৰ্ণ ভাৱে জয় লাভ কৰে। আনহাতে ফাইনেল খনখনত কাজাখিস্তানৰ Atlyn Shagayeva ৮-0 ত পৰাস্ত কৰে।

Antim Panghalৰ এই সাফল্যত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে অভিনন্দন জনাইছে। তেওঁ লিখিছিল, “গৌৰৱান্বিত মুহূৰ্ত। ইতিহাস গঢ়িলে।অনুৰ্ধ-২০ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হোৱাৰ বাবে Antim Panghalক অভিনন্দন জনাইছো। আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা।”

উল্লেখ্য যে, Antim Panghal এ Cadet World Championships (২০২১) ব্ৰঞ্জ আৰু Asian Junior Championships  (২০২২) স্বৰ্ণ জয় কৰিছিল। তেওঁ এই বছৰ অনুৰ্ধ ২৩ এছিয়ান চেম্পিয়নশ্বিপতো ৰূপৰ পদক জিকিছিল। জুনত কমনৱেলথ গেমছৰ বাবে বাছনিৰ সময়ত Antim এ Vinesh Phogat ৰ মুখামুখি হৈছিল আৰু অন্তিম ১০ছেকেণ্ডলৈকে ৩-১ ত আগবাঢ়ি Vinesh Phogat এ মেচখন জিকিবলৈ সক্ষম হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply