ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে অলিম্পিয়ান আৰ্চাৰ অৰ্জুন জয়ন্ত তালুকদাৰ।
বিশ্ব চেম্পিয়ন তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰৰ দেহত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছে।
যথেষ্ট দুৰ্বল অনুভৱ কৰা অসুস্থ জয়ন্ত তালুকদাৰক গুৱাহাটীৰ কালাপাহাৰ ক’ভিড চিকিৎসালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছে।
অধিক অক্সিজেনৰ প্ৰয়োজন হোৱা জয়ন্তক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে ক্ৰীড়াপ্ৰেমীয়ে।
৩৫ বছৰীয়া আৰ্চাৰ গৰাকীয়ে উশাহ নিশাহ লোৱাত কষ্ট অনুভব কৰাত আইচিইউত ৰখা হৈছে ।