নিউজ ডেস্কঃ জীৱনৰ এক অনাকাংক্ষিত দূৰ্ঘটনা ঘটি যোৱাৰ পিছত পুনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে সাজু আৰ্চাৰ  শিৱাংগিনী গোঁহাই।

২১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ মহাৰাষ্ট্ৰৰ অমৰাৱতীত অনুষ্ঠিত হৈছে ৩৮ সংখ্যক “ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰি”। এই প্ৰতিযোগিতাৰ ছোৱালী কম্পাউণ্ডত অংশগ্ৰহণ কৰিব শিবাংগীনিৰ সৈতে মাধুৰী মেধী আৰু সুদিষ্ণা বৰাই।

সোমবাৰে তিনিওগৰাকী কণমানি আৰ্চাৰে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা মহাৰাষ্ট্ৰ অভিমুখে ৰাওনা হৈছে।

লগতে পঢ়কঃআৰৱ সাগৰত সাঁতুৰি অভিলেখ সৃষ্টি অসম সন্তানৰ

উল্লেখ্য যে, আৰ্চাৰী খেলি থকা অৱস্থাতে শিৱাংগিনী শৰবিদ্ধ হৈ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। অৱশেষত চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ অন্তত ক্ৰমান্বয়ে সুস্থ হৈ উঠে শিৱাংগিনী গোঁহাই ।

 জীৱনৰ এনে এটা ডাঙৰ দুৰ্ঘটনাৰ পাছত এইবাৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰথমখন মেচত অংশ ল’বলৈ প্ৰস্তুত হৈ পৰিছে খেলুৱৈগৰাকী।

আৰ্চাৰী খেলি ভালপোৱা শিৱাংগিনীয়ে মহাৰাষ্ট্ৰলৈ যোৱাৰ পূৰ্বে গুৱাহাটীস্থিত চতুৰ্থ বেটেলিয়নত অজয় বড়োৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply