নিউজ ডেস্কঃ আইপিএল মেগা অকশ্বন অৰ্থাৎ আইপিএলৰ নিলাম ইতিমধ্যে সম্পন্ন হৈছে। অৱশেষত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ পুত্ৰ তথা ক্ৰিকেটাৰ অৰ্জুন তেণ্ডুলকাৰক মুম্বাই ইণ্ডিয়ানছে ৩০ লাখ টকাৰ বিনিময়ত নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে। নিলামত গুজৰাট টাইটেনছেও অৰ্জুন তেণ্ডুলকাৰৰ নামত নিলামত যোগ দিছিল যদিও অৱশেষত অৰ্জুনক দলত অন্তৰ্ভুক্ত কৰে মুম্বাই ইণ্ডিয়ানছে।

অৰ্জুন তেণ্ডুলকাৰক নিজৰ দলত অন্তৰ্ভুক্ত কৰাৰ পাছত মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক মহেলা জয়বৰ্ধনে স্পষ্টকৈ কয় যে- অৰ্জুনক শচীন তেণ্ডুলকাৰৰ পুত্ৰ হোৱাৰ বাবে নহয়, এজন ভাল খেলুৱৈ হোৱাৰ বাবে আৰু তেওঁৰ দক্ষতাৰ বাবেহে দলত অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে, পূৰ্বে মুম্বাই ইণ্ডিয়ানছত অৰ্জুন তেণ্ডুলকাৰক নিলামত ২০ লাখ টকাৰ বিনিময়ত দলটোৰ খেলুৱৈ হিচাপে ভৰ্তি কৰা হৈছিল।

মুম্বাই ইণ্ডিয়ানছত বৰ্তমান থকা খেলুৱৈসকল ক্ৰমে- ৰোহিত শৰ্মা, ইশান কিষাণ, সূৰ্যকুমাৰ যাদৱ, ডেবাল্ড ব্ৰেবিছ, কিৰণ পোলাৰ্ড, জছপ্ৰীত বুমৰাহ, এম অশ্বিন, বাশিল থম্পী, জয়দেৱ ওনাদকট, মায়ংক মাৰ্কেণ্ডে, সঞ্জয় যাদৱ, ৰমণদীপ সিং, আৰিয়ান জুৱেল, অৰ্জুন তেণ্ডুলকাৰ, তিলক শৰ্মা, ঋতিক শৌকীন, ৰাহুল বুদ্ধি, অৰশ্বদ খান, টাইমল মিলছ, জৌফ্ৰা আৰ্চৰ, ফেবিয়ন এলন, ডেনিয়েল ছেম্ছ, অনমোলপ্ৰীত সিং, টিম ডেভিড, ৰিলে মেৰেডিথ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply