নিউজ ডেস্ক: অৰুণাচল প্ৰদেশৰ ১৭ বছৰীয়া ফুটবল প্ৰডিজী Gyamar Nikum-ক অহা ২৩ জুনৰ পৰা ওড়িশ্যাৰ ভুবনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া অনূৰ্ধ্ব-২০ ট্ৰেইনিং কেম্পৰ বাবে নিখিল ভাৰত ফুটবল ফেডাৰেশ্যন (AIFF)-এ নিৰ্বাচন কৰিছে।

২৫ জুলাইৰ পৰা ০৫ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া ২০২২ চনৰ SAFF অনূৰ্ধ্ব-২০ চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি আৰু খেলুৱৈ নিৰ্বাচনৰ লগতে ছেপ্টেম্বৰ মাহত ইৰাকত অনুষ্ঠিত হ’বলগীয়া এ এফ চি অনূৰ্ধ্ব ২০ এছিয়ান কাপ কোৱালিফায়াৰৰ বাবেও ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে।

হিৰো ইণ্ডিয়ান ছুপাৰ লীগত ৰাজস্থান ইউনাইটেড ফুটবল ক্লাব (RUFC) সৈতে নিজৰ প্ৰথমটো ছিজনত দেখোৱা উৎকৃষ্ট প্ৰদৰ্শনৰ পিছতে নিকুমক উক্ত কেম্পৰ বাবে নিৰ্বাচন কৰা হয়।

অৰুণাচলৰ কুৰুং কুমেই জিলাৰ টাকে গাঁৱৰ বাসিন্দা কিশোৰ গৰাকীয়ে এই ছিজনত ৰাজস্থান ইউনাইটেডৰ ১৪খন খেলৰ ভিতৰত ১১খনতে অংশগ্ৰহণ কৰি যথেষ্ট ভাল খেল দেখুৱাবলৈ সক্ষম হৈছিল।

কেম্পৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত ইষ্টম’জ’ৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিকুমে কয়, “মোৰ কাৰণে এইয়া জীৱনত এবাৰৰ বাবে অহা সুযোগ। মোক কোৱা মতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৫০ গৰাকী ফুটবলাৰে এই ট্ৰায়েলত অংশগ্ৰহণ কৰিব, আৰু ইয়াৰে ৩৫ গৰাকী ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হ’ব। গতিকে মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰিম আৰু মোৰ দল আৰু ৰাজ্যখনক গৌৰৱান্বিত কৰিবলৈ চেষ্টা কৰিম।‘’

RUFC অন্যতম “উজ্জ্বল ৰত্ন”হিচাপে পৰিচিত নিকুমে যোৱা বছৰ হিৰো আই-লীগ কোৱালিফায়াৰত অংশগ্ৰহণ কৰা দেশৰ অন্যতম কম বয়সীয়া খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰিছিল।

লগতে পঢ়ক – অম্বুবাচী মেলাৰ বাবে চৰকাৰৰ বতৰৰ আগজাননী জাৰি: জানক সবিশেষ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply