গুৱাহাটী: সমৰকলাত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীয়ে। অৰুণাচল প্ৰদেশৰ সোনাম জোম্বাই সৰ্বভাৰতীয় মিক্সড মাৰ্চিয়েল আৰ্টছ ফেডাৰেশ্যন (AIMMAF) প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে।

যোৱা ১৬ জুনৰ পৰা ১৯ জুনলৈ দিল্লীত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

উল্লেখযোগ্য যে মহিলাৰ strawweight শাখাত স্বৰ্ণ অৰ্জন কৰা সোণম হৈছে উত্তৰ-পূবৰ প্ৰথম গৰাকী খেলুৱৈ। সোণমে বিগত ৫ বছৰে গুৱাহাটীত ভৱজিত চৌধুৰীৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

দুটাকৈ স্বৰ্ণ অৰ্জন কৰা প্ৰথম গৰাকী যুৱতী সোণমক ২০২২ বৰ্ষৰ এছিয়ান চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচন কৰা হৈছে।

লগতে পঢ়ক – বোকাখাতৰ আলামি-ৰোহিতা-ভলুকাগুৰি সংযোগী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply