নিউজ ডেস্কঃ আফগানিস্তানৰ অধিনায়ক আছগৰ আফগান নতুন অভিলেখৰ দিশে আগবাঢ়িছে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ৷পুৰুষৰ T-20 ক্ৰিকেটত অধিনায়ক হিচাপে সর্বাধিক মেচত জয়েৰে মহেন্দ্র সিং ধোনীৰ অভিলেখ স্পর্শ কৰে আফগানিস্তানৰ অধিনায়ক আছগৰ আফগানে৷ জিম্বাব’ৱেৰ বিৰুদ্ধে আবু ধাবিত অনুষ্ঠিত দ্বিতীয় T-20 ত আফগানিস্তানে ৪৫ ৰানত জয় সাব্যস্ত কৰাৰ লগে লগে অধিনায়ক আছগৰে ভাৰতৰ প্রাক্তন অধিনায়ক ধোনীৰ অভিলেখ স্পর্শ কৰে৷
টীমইন্ডিয়াৰ ধোনীয়ে অধিনায়ক হিচাপে ভাৰতক ৪১খন T-20 মেচত জয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছিল৷ সামগ্রিকভাৱে ৭২খন T-20 ত দেশক নেতৃত্ব দিছিল ধোনীয়ে ৷ জিম্বাব’ৱেৰ বিপক্ষে জয়লাভ কৰি আফগানিস্তানৰ অধিনায়ক আছগৰেও অধিনায়ক হিচাপে T-20 আন্তৰাষ্ট্ৰীয় মেছত ৪১সংখ্যক জয়লাভ কৰে ৷ ইফালে, এই তালিকাৰ তৃতীয় স্থানত আছে ইংলেণ্ডৰ অধিনায়ক ইয়’ন মৰগান৷