নিউজ ডেস্ক: ভাৰতীয় ক্ৰিকেটৰ এগৰাকী অন্যতম কিংবদন্তি কপিল দেবৰ অভিলেখ ভংগ কৰি টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় ব’লাৰৰ অভিলেখ ৰচনা কৰিলে অফ-স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে।
শ্ৰিলংকাৰ বিৰুদ্ধে বৰ্তমান চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত ৩টাউইকেট দখল কৰাৰ পিছতে ৩৫ বছৰীয়া অশ্বিনে কপিল দেবৰ ৪৩৪ উইকেট দখলৰ অভিলেখ অতিক্ৰম কৰে।
কপিল দেবে ১৩১খন আন্তঃৰাষ্ট্ৰীয় মেচত ৪৩৪ টা উইকেট দখল কৰাৰ বিপৰীতে অশ্বিনে ৮৫খন মেচতে উক্ত অভিলেখ অতিক্ৰম কৰিবলৈ সক্ষম হয়। মোহালীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত অশ্বিনে শ্ৰিলংকাৰ পথুম নিছাংক (Pathum Nissanka) উইকেট দখল কৰাৰ লগে লগে কপিল দেবৰ অভিলেখ স্পৰ্শ কৰে আৰু চৰিথ আছালংকা (Charith Asalanka)-ৰ উইকেট দখল কৰি ৪৩৫ টা উইকেটৰ অধিকাৰী হয়।
উল্লেখযোগ্য যে টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় ব’লাৰ গৰাকী হৈছে প্ৰাক্তন লেগ স্পিনাৰ অনিল কুম্বলে। তেওঁ ১৩২ খন টেষ্ট মেচত ৬১৯ টা উইকেট দখল কৰি এই অভিলেখ ৰচনা কৰি থৈছে।
এই পৰ্য্যন্ত ভাৰতৰ কেৱল চাৰি গৰাকী ব’লাৰে টেষ্ট ক্ৰিকেটত ৪০০ৰ অধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছে। তেওঁলোক হ’ল – অনিল কুম্বলে, ৰবিচন্দ্ৰন অশ্বিনে, কপিল দেব আৰু হৰভজন সিং।
লগতে পঢ়ক – চাকৰি! অইল ইণ্ডিয়াত বিভিন্ন পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান