নিউজ ডেস্কঃ কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চীনত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ ২০২২ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। দেশখনত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। ইতিমধ্যে কেইবাখনো চহৰত লকডাউন ঘোষণা কৰা হৈছে। এই পৰিস্থিতিত, ছেপ্টেম্বৰত চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ২০২২ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

চীনৰ ৱেবছাইট ‘চাইনা ডেইলী’ৰ প্ৰকাশিত এক খবৰ অনুসৰি শুকুৰবাৰে এক বিবৃতি যোগে Olympic Council of Asiaয়ে ঘোষণা কৰে যে ১০ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক এছিয়ান গেমছ পিছুৱাই দিয়া হৈছে। বিবৃতিটোত কোৱা হৈছে যে খেলসমূহৰ বাবে নতুন তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব।

এছিয়ান গেমছ অনুষ্ঠিত হ’বলগীয়া হাংঝৌ চহৰ ছাংহাইৰ নিচেই সমীপতে আছে। চীনৰ সৰ্ববৃহৎ চহৰ ছাংহাইত শেহতীয়াকৈ কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এক সপ্তাহৰ লকডাউন ঘোষণা কৰা হৈছে। চীনৰ পূব প্ৰান্তত থকা ১.২ কোটি জনসংখ্যাৰ হাংঝৌ চহৰখনত ইতিমধ্যে এছিয়ান গেমছ আৰু এছিয়ান পেৰা-গেমছৰ বাবে প্ৰায় ৫৬ টা স্থানত নিৰ্মাণ সম্পূৰ্ণ কৰি সাজু কৰি তোলা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply