ডিংকো সিঙ

এছিয়ান গেমছৰ চেম্পিয়ন বক্সাৰ ডিংকো সিঙৰ দেহাৱসান। ৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ডিংকো সিঙে। ছয় বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ডিংকো। বিগত বর্ষত আক্ৰান্ত হৈছিল কোভিডত।

১৯৯৮ চনৰ বেংকক এছিয়ান গেমছৰ স্বৰ্ণজয়ী বক্সাৰ আছিল ডিংকো। অৰ্জুন আৰু পদ্মশ্ৰী বঁটা বিজয়ী অলিম্পিয়ান আছিল মণিপুৰৰ বক্সাৰগৰাকী। ভাৰতীয় নৌ বাহিনীত চাকৰি কৰিছিল ডিংকোৱে।

১৯৯৮ চনত ডিংকো সিঙে লাভ কৰিছিল অৰ্জুন বঁটা। ২০১৩ চনত লাভ কৰিছিল পদ্মশ্ৰী সন্মান। তেওঁৰ নামত বলীউদত নিৰ্মাণ হৈ আছিল ছবি। ডিংকো সিঙৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে গভীৰ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ পৰীক্ষা কেন্দ্ৰসমূহৰ বিষয়ালৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply