বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাত মহকুমা আৰক্ষী প্ৰশাসনৰ উদ্যোগত বোকাখাতৰ চন্দ্ৰমা ইনড’ৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত প্ৰাইজমনি বেডমিণ্টন প্ৰতিযোগিতা। মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ সদৌ অসম ভিত্তিত প্ৰাইজমনি বেডমিণ্টন প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

সাধাৰণ জনতাৰ সৈতে সুসম্পৰ্ক ৰক্ষাৰ উদ্দেশ্য আগত ৰাখি ২৬ মাৰ্চৰ পৰা আৰম্ভ হোৱা দিবা-নৈশ প্ৰতিযোগিতাখন অহা ২৮ মাৰ্চ পৰ্যন্ত চলিব।

Non Ranking, Untrained আৰু Veteran এই তিনিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ইতিমধ্যে বিভিন্ন জিলাৰ পৰা অহা চল্লিছটাৰো অধিক প্ৰতিযোগী দলে অংশগ্ৰহণ কৰিছে।

শনিবাৰে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে বোকাখাতৰ মহকুমাধিপতি ড০ নেহা যাদৱে লগতে অনুষ্ঠানটোত উপস্থিত থাকে বোকাখাতৰ মহকুমা আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়া, স্থানীয় লোক তথা খেলুৱৈ সকল।

প্ৰতিযোগিতাখনত উপস্থিত থাকি মহকুমাধিপতি নেহা যাদৱে কয়, “খেলৰ জৰিয়তে সাধাৰণ জনতাৰ সৈতে আৰক্ষী একাত্ম হ’ব পৰা এনে পৰিকল্পনাই ভৱিষ্যতে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব অৱশ্যেই নাইকিয়া কৰিব।”

লগতে পঢ়ক – বিতৰ্কিত মন্তব্যৰ বাবে বিপদত চলচ্চিত্ৰ পৰিচালক বিবেক অগ্নিহোত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply