গুৱাহাটী: ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত বৰ্তমান এক চৰ্চিত নাম হৈছে অসম সন্তান অম্লান বৰগোঁহাই। যোৱা ৬ এপ্ৰিলত কেৰেলাৰ কালিকটত অনুষ্ঠিত ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত ট্ৰেকত বিজুলী গতিত দৌৰি সকলোৰে অভিলেখ ৰচনা কৰে।

নিজৰ পাৰদৰ্শিতাৰে অসমলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈগৰাকীক আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম এথলেটিকছ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে।

অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক কুমাৰ ভৰালীয়ে আঁত ধৰা অনুষ্ঠানটোত অম্লানে সম্বৰ্ধনা গ্ৰহণ কৰি কয়, ”সন্মুখত যদিও এছিয়ান গে’মছ, কিন্তু মোৰ সপোন আৰু প্ৰধান লক্ষ্য হৈছে অলিম্পিক।”

”খেলিম বুলি আগবাঢ়ি আহিবলৈ এটা দৃঢ় মন লাগিব, কাৰণ সকলো ক্ষেত্ৰতে নোৱাৰো বুলি কোনো শব্দ নাই, গতিকে চেষ্টা কৰিলে খেলুৱৈ জীৱনত সফল হোৱাটো অতিকৈ সহজ,” অম্লানে লগতে কয়।

উল্লেখযোগ্য যে কালিকটত অনুষ্ঠিত ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত অম্লানে পুৰুষৰ ২০০ মিঃ দৌৰত ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভেৰে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে।
আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ সভাকক্ষত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, অসম অলিম্পিক সন্থাৰ বিষয়-ববীয়া প্ৰমুখ্যে সৰুসজাই এথলেটিকছ একাডেমীৰ খেলুৱৈ তথা প্ৰশিক্ষকসকল উপস্থিত থাকে।

উক্ত অনুষ্ঠানত অম্লানৰ প্ৰশিক্ষক নিপন দাসকো অসম এথলেটিকছ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে।

লগতে পঢ়ক – ভাৰতীয় জোৱানে সাঙীত দাঙি হাস্পতালত ভৰ্তি কৰালে সন্তান সম্ভৱা মহিলাক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply