আজি গুৱাহাটীত অসম এথলেটিকচ সন্থাৰ কাৰ্যনিবাহক সভাই ৰাজ্যৰ এথলেটিকছ টুৰ্ণামেন্ট সমূহৰ কাৰ্যসূচী চূড়ান্ত কৰে। লক্ষ্য কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত লোৱা সিদ্ধান্ত মৰ্মে এই কাৰ্যসূচীসমূহ ঘোষণা কৰে ।
২০ অক্টোবৰৰ পৰা ১৫ নবেম্বৰৰ ভিতৰত সকলো জিলা চেম্পিয়নশ্বিপ।
নৱেম্বৰ – ডিচেম্বৰ মাহত সকলো জিলাতে ২০ দিনীয়া প্ৰশিক্ষণ শিৱিৰ।
এপ্ৰিল- মে মাহত ৪৫ দিনীয়া ৰাজ্যিক প্ৰশিক্ষণ শিৱিৰ।
জানুৱাৰী মাহত তিনিচুকীয়া জিলাত জুনিয়ৰ আন্ত:জিলা প্ৰতিযোগিতা।
মে মাহত গুৱাহাটীত চিনিয়ৰ আন্ত:জিলা প্ৰতিযোগিতা।
আগষ্ট মাহত শিৱসাগৰত ৰাজ্যিক জেভলিন প্ৰতিযোগিতা।
৫ জুলাইৰ পৰা ৮ জুলাই’২০২২ ত গুৱাহাটীত অনুষ্ঠিত হব লগা ৩৭তম ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকচ চেম্পিয়নশ্বিপৰ আয়োজক সমিতি গঠন ।
লগতে পঢ়ক-শ্বেৰমান আলিক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰস্তাব ল’লে কংগ্ৰেছ বিধায়িনী দলে

অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুস্থিত এক বিশেষ অনুষ্ঠানত ক্ৰীড়ামন্ত্ৰী বিমল বৰাই আন্ত:ৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ বিশাল চাংমাই আৰু ৰাষ্ট্ৰীয় এথলেটিকচ খেলুৱৈ অম্লান বৰগোঁহাইক সম্বৰ্ধনা জ্ঞাপন কৰে।
বিশালে আগষ্ট মাহত পোলেণ্ডত অনুষ্ঠিত বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত দলগত শাখাত দুটা সোণ আৰু ব্যক্তিগত শাখাত ব্ঞ্জৰ পদক তথা অম্লান বৰগোঁহাইয়ে চেপ্তেম্বৰ মাহত তেলেংগানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিকচ প্ৰতিযোগিতাত ২০০ মিটাৰ দৌৰত সোণৰ আৰু ১০০ মিটাৰ দৌৰত ৰূপৰ পদক জয় কৰিছিল।