গুৱাহাটী : অসমত এতিয়া দৃষ্টিহীন খেলুৱৈসকলেও খেলপথাৰত আন ক্ৰিকেটাৰৰ দৰেই প্ৰবল উদ্যমেৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দৃষ্টিহীনসকলৰ বাবে ক্ৰিকেট কেম্প। যোৱা ৭ অক্টোবৰৰ পৰা কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত নুনমাটি শোধনাগাৰ খেলপথাৰত এই শিবিৰ অনুষ্ঠিত হয়। শিবিৰত ৰাজ্যখনৰ ১৬ খন জিলাৰ ৩২ গৰাকী দৃষ্টিহীন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই শিবিৰতে দৃষ্টিহীন ক্ৰিকেটৰ অসমৰ দলটো বাছনি কৰা হয়।

ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ উপ-অধিনায়ক তথা অন্ধ্ৰ প্ৰদেশ দলৰ অধিনায়ক ভেংকটেশ ৰাও আৰু পশ্চিম বংগ দলৰ অধিনায়ক তনুময় ভৌমিকে এই শিবিৰত অংশ লৈ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে অসম দলটো বাছনি কৰে। অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ আহ্বায়ক তথা কেয়াৰ ইউ ৩৬৫ৰ সভাপতি ভৃগু বৰঠাকুৰে জনোৱা মতে অসম দলটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। তেওঁ কয় যে দৃষ্টিহীনসকলৰো খেলত অৱতীৰ্ণ হোৱাৰ সপোন থাকে। কিন্তু বিভিন্ন প্ৰত্যাহ্বানৰ বাবে তেওঁলোকে সেই সুযোগ লাভ নকৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰক বা নকৰক এই প্ৰতিযোগিতাই দৃষ্টিহীনসকলৰ মানসিক উদ্যম আৰু ৰঞ্জী ট্ৰফীৰ দৰে গুৰুত্বপূৰ্ণ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা নাগেশ ট্ৰফীত অৱতীৰ্ণ হোৱাৰ তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব।

খেলুৱৈসকলক বিমানেৰে অহা ২৩ অক্টোবৰত চণ্ডীগড়লৈ লৈ যোৱা হ’ব। তাতে নাগেশ ট্ৰফী খেলাৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী খেল অনুষ্ঠিত হ’ব। ৰাউণ্ড টেবুল ইণ্ডিয়া নামৰ সংস্থাই খেলুৱৈসকলৰ চণ্ডীগড়লৈ যোৱাৰ ব্যয় বহন কৰিব। আনহাতে কেয়াৰ ইউ ৩৬৫ৰ সদস্যসকলে এই শিবিৰ সফল কৰাৰ ক্ষেত্ৰত দিনে-নিশাই কৰি থকা পৰিশ্ৰমৰ বাবে তেওঁ ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে কেয়াৰ ইউ ৩৬৫য়ে পূৰ্বৰে পৰাই অসমত দৃষ্টিহীনসকলৰ বাবে ক্ৰিকেট খেল অনুষ্ঠিত কৰি আহিছে। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ বাবে ৰাজ্যখনৰ পৰা এটা দৃষ্টিহীন খেলুৱৈৰ দল প্ৰথমবাৰলৈ অসমৰ বাহিৰলৈ যাব বুলি তেওঁ উল্লেখ কৰে। লগতে এই শিবিৰৰ দ্বাৰাই অসম দৃষ্টিহীন ক্ৰিকেট সন্থাও গঠন কৰাৰ কথা তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে সমাজ কল্যান বিভাগৰ সঞ্চালক বিভাষ মোদীয়ে ইতিমধ্যে অসমৰ দৃষ্টিহীন ক্ৰিকেটৰ দলটোলৈ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

আনহাতে অসম ক্ৰিকেট সন্থাই খেলুৱৈসকলৰ বাবে ক্ৰিকেট কীট যোগান ধৰে। দৃষ্টিহীন খেলুৱৈসকলক শিবিৰৰ সময়ছোৱাত গুৱাহাটীৰ সুৰজমল জোহাৰমল চাংগানেৰীয়া ধৰমশালা ন্যাসে থকাৰ সু-ব্যৱস্থা কৰি দিয়ে। প্ৰশিক্ষক দুগৰাকীক হোটেল ৰাজমহল কৰ্তৃপক্ষই থকাৰ সুবিধা প্ৰদান কৰে। বাছনি কৰা অসম দলটোৰ খেলুৱৈসকলৰ নাম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শুভজিৎ বনিক আৰু নগাঁৱৰ বঢ়মপুৰ দৃষ্টিহীন বিদ্যালয়ৰ দ্বীপেন বৰাই ঘোষণা কৰে। মুঠ ১৪ জন খেলুৱৈয়ে অসম দলত স্থান লাভ কৰিছে। তেওঁলোক হ’ল ক্ৰমে বি ৱান শাখাত প্ৰতাপ ৰাজবংশী, প্ৰদ্যুম্ন বৰা, আকাশ টেৰণ, অজয় মুণ্ডা আৰু আমিনুল খান, বি টু শাখাত ৰাজদ্বীপ, ধন দাস, হেমন্ত দত্ত, নৱজ্যোতি ঢেকিয়াল ফুকন আৰু মণ্টু কুটুম, বি থ্ৰী শাখাত হিমাংশু নাথ, মঞ্জিত চৌধাৰী, হোমেন বুঢ়াগোহাঁই আৰু নিপুল কলিতা। অসম দলত স্থান লাভ নকৰিলেও শিবিৰত অংশ লোৱা প্ৰতিজন খেলুৱৈকে চণ্ডীগড়ত হ’বলগীয়া যোগ্যতা নিৰ্ণয়কাৰী খেল দেখুৱাবলৈ লৈ যোৱা হ’ব ।

ইফালে দেওবাৰে সন্ধিয়া হোটেল ৰাজমহল কৰ্তৃপক্ষই দৃষ্টিহীন খেলুৱৈ আৰু প্ৰশিক্ষক দুগৰাকীৰ মাজত এটা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। ইয়াৰ পিছতে গুৱাহাটীৰ সুৰজমল জোহাৰমল চাংগানেৰীয়া ধৰমশালাত ‘আই এম এ হিৰ’ শীৰ্ষক এটা ভাৱ বিনিময়ৰ দক্ষতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰশ্মি খাটোৱালাই অংশ লয়। একেটা অনুষ্ঠানতে মাইণ্ড পাৱাৰ ৱাচিমে মানসিক উৎকৰ্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰে। আনহাতে খেলপথাৰতে অনুষ্ঠিত সামৰণি অনুষ্ঠানত অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু বি চি চি আইৰ কিউৰেটৰ মুকুট কলিতা, প্ৰশিক্ষক আৰ বি ইন্দ্ৰজিত আৰু ভাস্কৰ বৰ্মন, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোহাই আৰু ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশ লয়।

লগতে পঢ়ক :  বাঘবৰত শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখযোগ্য যে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অহা ১৭ নৱেম্বৰত দৃষ্টিহীনসকলৰ বাবে চতুৰ্থ ৰাষ্ট্ৰীয় নাগেশ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ’ব। ১৬ নৱেম্বৰত সকলো ৰাজ্যৰ দলসমূহ দিল্লীত উপস্থিত হ’বগৈ। ১৭ৰ পৰা ২১ নৱেম্বৰলৈ প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত কোৱাৰ্টাৰ ফাইনেল, ২৪ তাৰিখে ছেমি ফাইনেল আৰু ফাইনেল খেল ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply