বোকাখাত, উত্তম কুমাৰ শৰ্মা: অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ডত অনুস্থিত হ’ব অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পোনপ্ৰথম বাৰৰ বাবে আয়োজিত মহিলা T’20 Challenger ট্ৰফী ক্ৰিকেট লীগ প্ৰতিযোগিতা।
অসম ক্ৰিকেট সন্থাৰ উদ্যোগত যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা কনকলতা বৰুৱা সোঁৱৰণী প্ৰথম আন্তঃ জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৰাজ্যৰ সৰ্বমুঠ ১৮ টা দলৰ পৰা বাচনি কৰি সাজু কৰা ৬টা দলৰ মাজত অনুস্থিত হ’ব উক্ত ক্ৰিকেট লীগ প্ৰতিযোগিতাখন।
উল্লেখযোগ্য যে কনকলতা বৰুৱা সোঁৱৰণী আন্তঃ জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বোকাখাতৰ মহিলা ক্ৰিকেট দলটোৰ পৰা ১০ গৰাকী খেলুৱৈয়ে ইতিমধ্যে উক্ত প্ৰতিযোগিতাখনিৰ বাবে বাচনিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
খেলুৱৈসকল হৈছে – উমা চেত্ৰী, অনামিকা ব’ৰি, মুস্কান মলিক, পৰিস্মিতা বৰুৱা, অৰ্পনা কৰ্মকাৰ, ৰিমা পেগু, মাজেদা বেগম, লক্ষী প্ৰিয়া চেতিয়া, অমন্তিকা মুণ্ডা আৰু পলক কুমাৰী।
লগতে পঢ়ক – গুৱাহাটীৰ দুই যুৱতীৰ আলফাত যোগদান সম্পৰ্কে কি জনালে পৰেশ বৰুৱাই?