গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ এখন গাওঁ, বাৰমুখীয়া। এই গাৱৰে এগৰাকী জিয়াৰী , একেই পানী, একেই বতাহ, জীৱন ধাৰণৰ শৈলীও সাধাৰণ অসমীয়া ছোৱালীৰ দৰেই। বাৰিষা পথাৰত ভূঁই ৰুৱে, আঘোণৰ পথাৰত ধান দাৱলৈ যায়। ঘৰত মাকৰ লগত ৰান্ধনি ঘৰত হাত উজান দিয়ে, দেউতাকৰ কামতো ইটো সিটো সহায় কৰি দিয়ে।
এই গৰাকী কন্যাই আজি অসমৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম সোণালী আখৰৰে জিলিকাবলৈ সক্ষম হৈছে ।
যোৱাবছৰৰ মাৰ্চ মাহতেই অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে সুনিশ্চিত কৰিছিল অলিম্পিকত নিজৰ স্থান। ২০২০ চনৰ মাৰ্চ মাহতেই জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়া এণ্ড ওছেনিয়া বক্সিং অলিম্পিক কোৱালফিকেচন টুৰ্ণামেণ্টখনত লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মাফটুনাখন মেলেইভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰাৰ লগে লগেই গোলাঘাটৰ বাৰমুখীয়াৰ জীয়ৰী লাভলীনাৰ টকিঅ’ যাত্ৰা নিশ্চিত হৈ পৰিছিল।
লাভলীনা হৈ পৰে অসমৰ পৰা অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা খেলুৱৈ। অসমৰ তাৰকা বক্সাৰগৰাকীয়ে অলিম্পিকত স্থান লাভ কৰা আজি এবছৰতকৈ অধিক সময় পাৰ হৈ গ’ল। যোৱা এবছৰে অলিম্পিকলৈ নিৰ্বাচিত অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাবে লাভলীনাৰ যিমান চর্চা হ’ব লাগিছিল, সিমান চর্চা নহ’ল অসমত ।
লাভলিনাৰ খবৰে বাতৰি কাকতৰো বেনাৰ হেডলাইনত স্থান নাপালে, সামাজিক মাধ্যমত ট্রেণ্ডিং হোৱা নাছিল লাভলীনাৰ ফটোসম্বলিত খবৰ। লাভলীনাৰ সাফল্যক লৈ সংবাদ মাধ্যম, সামাজিক মাধ্যম যিমান ব্যস্ত হ’ব লাগিছিল, সিমান ব্যস্ত হৈছিল অসমৰ আন এগৰাকী তাৰকা খেলুৱৈ হিমা দাসৰ অলিম্পিক অনিশ্চয়তাক লৈহে। যেতিয়া হিমা দাসৰ আশা শেষ হ’ল তেতিয়া পুনৰ চর্চা লাভ কৰিছে লাভলীনাৰ অলিম্পিক যাত্ৰাৰ খবৰে।
অহা ১৭ জুলাইত টকিঅ’ অলিম্পিকলৈ ভাৰতৰ পৰা ২২৮জনীয়া এটা শক্তিশালী ৰাওনা হ’ব ৷ দলটোত থাকিব ১১৯গৰাকী এথলিট৷
অলিম্পিকলৈ যোগ্যতা অর্জন কৰা একাংশ খেলুৱৈৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সন্ধিয়া বার্তালাপ কৰি তেওলোকক দেশৰ নাম উজ্বলাবলৈ আহ্বান জনাই । দলটোৱে ৮৫টা পদক ইভেণ্টৰ বাবে যুঁজ আগবঢ়াব৷ ১১৯গৰাকী এথলিটৰ ৬৭গৰাকী পুৰুষ আৰু ৫২গৰাকী মহিলা খেলুৱৈ আছে ৷
টকিঅ’ অলিম্পিকত ভাৰতৰ অন্যতম পদকপ্রত্যাশী হোৱাৰ আশা কৰিছে নীৰজ চোপ্রা, শিৱপাল সিং, ডুটি চান্দ, পি ভি সিন্ধু, এম চি মেৰীকম, লাভলীনা বৰগোহাঁই, মনু ভাকেৰ, বজৰং পুনিয়া, ভিনেশ ফগাট, দীপিকা কুমাৰী আদি৷
যি গৰাকী খেলুৱৈক লৈ দেশৰ ক্ৰীড়াজগত খনে সম্ভাব্য পদক লাভ কৰাৰ তালিকাত ৰাখিছে তেনে এগৰাকী খেলুৱৈক লৈ ইমান পলমকৈ অসমত চৰ্চাৰ আঁৰৰ কাহিনী কি ? লাভলিনাক লৈ যোৱা এবছৰে আওকণীয়া মনোভাৱৰ পিছত হঠাৎ যেন সাৰ পালে অসমীয়াই। এটা পুৰণি খবৰক লৈ এতিয়া সকলো ব্যস্ত হৈ পৰিছে । অসমৰ তাৰকা বক্সাৰগৰাকী অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ সময়তে এনে হৈ ছৈ হোৱা উচিত আছিল। সি যি কি নহওঁক, পলমকৈ হ’লেও একাংশ অসমীয়াই যে সাৰ পালে সেয়াও এক আশাৰ খবৰ।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ক্রীড়ামন্ত্ৰী বিমল বৰা, কৃষিমন্ত্ৰী অতুল বৰা, আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্য, অসম জাতীয় পৰিষদৰ নেতা লুৰিনজ্যোতি গগৈকে ধৰি বিভিন্নজনে টুইটাৰৰ জৰিয়তে শুভেচ্ছা জনাইছে লাভলীনাক। লাভলীনায়ো ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শুভেচ্ছা জনোৱাসকলক।উল্লেখযোগ্য যে সৰুতে মুৱাথাই খেলিবলৈ লোৱা লাভলীনাই এগৰাকী সম্পৰ্কীয় বায়েকৰ প্ৰেৰণাত হাতত তুলিছিল বক্সিং গ্লোভচ। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত এই পৰ্যন্ত দুটাকৈ ব্ৰঞ্জৰ পদক দখল কৰা লাভলীনাই এছিয়ান চেম্পিয়নশ্বিপতো দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ডুবাইত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপতো সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লাভলীনাই ।
টকিঅ’ অলিম্পিকত বক্সিংৰ ৬৯ কেজি শাখাত দেশক প্ৰতিনিধত্ব কৰিব লাভলীনাই। এই শাখাত লাভলীনাৰ স্থান বিশ্ব ক্ৰমত ৩। আনহাতে লাভলীনাই দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছে।
লাভলীনাই টকিঅ’ত অংশগ্ৰহণৰ পূৰ্বেই সুখবৰ কঢ়িয়াই আনিছে এক সমীক্ষাই। অলিম্পিক বিশ্লেষক সংগঠন গ্ৰেছনোটে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে টকিঅ’ অলিম্পিকত পদক জয় কৰিব লাভলীনাই। গ্ৰেছনোটৰ সমীক্ষা মতে টকিঅ’ অলিম্পিকত ভাৰতে ৪ টা স্বৰ্ণ পদকসহ ১৭ টাকৈ পদক লাভ কৰাৰ সম্ভাৱনা আছে। এই ১৭ টাকৈ পদকৰ ভিতৰত বক্সিংৰ পৰা আহিব পাৰে ৪ টা পদক।
কঠোৰ আচৰণবিধিৰ মাজত ২০২০ চনৰ অলিম্পিক এইবাৰ আয়োজন কৰা হৈছে৷
যাৰ বাবে ভাৰতীয় দলটো টকিঅ’ত প্রথমতে তিনি দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব৷ তাৰ পিছত ক্রমাগত ৭ দিন ধৰি ক’ভিডৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হ’ব৷
এইবাৰৰ ভাৰতীয় খেলুৱৈসকলৰ এই দলটোত উত্তৰ–পূর্বাঞ্চলৰ পৰা মুঠ ৭গৰাকী খেলুৱৈ আছে৷ মণিপুৰৰ সর্বাধিক ৫গৰাকী, অসম আৰু মিজোৰামৰ এগৰাকীকৈ খেলুৱৈ আছে৷
অসমৰ বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকত উন্নত প্রদর্শন কৰিবলৈ সক্ষম হ’ব বুলি চীফ দ্য মিছন’ বীৰেন্দ্রপ্রসাদ বৈশ্যয়ে আশা প্রকাশ কৰিছে৷
হিমা দাসৰ সফলতাৰ সময়ত চৰকাৰ তথা বিভিন্ন ক্ৰীড়া সংস্থা সমূহে বেনাৰ প’ষ্টাৰে উভৈনদী কৰি খেলুবৈ গৰাকীৰ লগতে উঠি অহা চামক
উৎসাহিত কৰিছিল । কিন্তু লাভলিনাৰ ক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতহে সকলো সাৰ পাইছে । তাকো সেই স্তৰত এতিয়াও হৈ নুঠিল । খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে নীতি সঁচাকৈয়ে শুভ লক্ষন কেতিয়াও হ’ব নোৱাৰে।
লগতে পঢ়ক দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ বাবেই মানৱদেহৰ অংগ বিক্ৰীৰ ভয়ংকৰ তথ্য