নিউজ ডেস্ক: ৯ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ কৰ্ণাটকৰ মহীশূৰত অনুষ্ঠিত হোৱা অনূৰ্ধ্ব ১২ বছৰ ৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত অসমৰ মৃণ্ময় ৰাজখোৱাই ষষ্ঠ স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনত মৃণ্ময়ে ১১ ৰাউণ্ডত ৮.৫ পইণ্ট অৰ্জন কৰে।
প্ৰতিযোগিতাখনত কেৰেলাৰ গৌতম কৃষ্ণই ৯.৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰাৰ বিপৰীতে টেলেংগানাৰ আদিৰেদ্ডি অৰ্জুন আৰু গোৱাৰ ইঠান ভাজে ৯ পইণ্টকৈ অৰ্জন কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে।
আনহাতে, মহাৰাষ্ট্ৰৰ ভিভান বিজয় ছাৰাউগী, বিহাৰৰ ৰেয়ান আৰু অসমৰ মৃণ্ময় ৰাজখোৱাই ৮.৫ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান অধিকাৰ কৰে। ইপিনে অসমৰে তন্ময় ৰাজবংসীয়ে ৮ পইণ্ট সংগ্ৰহ কৰি পঞ্চদশ স্থান অধিকাৰ কৰে।
মৃণ্ময় ৰাজখোৱাই নগদ ২৫০০০ টকা আৰু তন্ময় ৰাজবংশীয়ে ৬০০০ টকা পুৰস্কাৰ হিচাপে লাভ কৰে। মৃণ্ময় আৰু তন্ময়ক এই সাফল্যৰ বাবে সদৌ অসম দবা সন্থাই অভিনন্দন জনাইছে।
লগতে পঢ়ক –