কাজিৰঙা: অসম ক্ৰিকেট সন্থাত ২০১৬ চনৰ পৰা ২০১৯ চনলৈ সংঘটিত বিত্তীয় অনিয়মৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰিব বুলি আজিৰ বাৰ্ষিক সাধাৰণ সভাত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় বুলি অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে ।

কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত এখন ব্যক্তিগত পৰ্যটন নিবাসত অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক অধিবেশনৰ গুৰুত্বপূৰ্ণ বৈঠকত আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে সন্থাৰ পূৰ্বৰ কেইবাজনো বিষয়ববীয়াৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ  উঠাত সন্থাই গঠন কৰি দিয়া পৰ্যালোচনা সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল ।

অভিযোগ উত্থাপন হোৱা পূৰ্বৰ বিষয়ববীয়াৰ পৰা এই সন্দৰ্ভত কোনো সন্তোষজনক উত্তৰ পোৱা নগল বুলি প্ৰকাশ কৰে সম্পাদকগৰাকীয়ে। কাজিৰঙাত অনুষ্ঠিত সন্থাৰ বাৰ্ষিক বৈঠকৰ লোৱা সিদ্ধান্ত অনুসৰি অহা দুই তিনিদিনৰ ভিতৰত এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিব অসম ক্ৰিকেট সন্থা।

অভিযুক্ত বিষয়ববীয়াৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে সন্থাই। ইপিনে ৰাজ্যত ক্ৰিকেটৰ আন্তগাথনি উন্নয়নৰ বিষয়েও সভাত আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে সন্থাৰ সভাপতি ৰমেন দত্তই। 

মহামাৰী ক’ভিডৰ কাৰণে সকলো ধৰণৰ খেল বন্ধ হৈ আছিল আৰু এই সুযোগতে খেলপথাৰৰ আন্তঃগাঁথনিৰ কাম কৰা হৈছে । ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন ঠাইত আছুতীয়া ক্ৰিকেটৰ খেল পথাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি ৭০ শতাংশ কাম সম্পন্ন কৰা হৈছে বুলিও সভাপতিয়ে জানিবলৈ দিয়ে ।  আন্ত জিলা খোলাৰ পিছত চিনিয়ৰ পুৰুষ আৰু মহিলাৰ লগতে ১৯ বছৰৰ অনুৰ্ধৰ ট্ৰাইল কেম্প আৰম্ভ কৰা হব। 
উল্লেখ্য যে ৰাজ্যৰ মুঠ ৪১ খনকৈ সমিতিৰ বিষয়ববীয়া উপস্থিত থকা এই বাৰ্ষিক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ।

লগতে পঢ়ক সোণাৰি ক্ৰিকেট পেভেলিয়নৰ আধাৰশিলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply