নিউজ ডেস্ক: আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিধ এলভিছ আলী হাজৰিকাই বিখ্যাত নৰ্থ চেনেল সাঁতুৰি পাৰ কৰা প্ৰথম গৰাকী অসমীয়া হিচাপে পৰিগণিত হ’ল।
এই বিশেষ কৃতিত্ব অৰ্জনৰ পিছতে সাঁতোৰবিদ গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে অসমবাসীৰ সৈতে নিজৰ সফলতাৰ কথা শ্বেয়াৰ কৰে।
ফে’চবুকত দিয়া এটা প’ষ্টত তেওঁ কয়, ‘’উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ সফলতাৰে ৰিলে সাঁতুৰি নৰ্থ চেনেল পাৰ কৰা মই প্ৰথম গৰাকী অসমীয়াৰ স্বীকৃতি অৰ্জন কৰিছো। আমি বহু প্ৰত্যাহ্বানৰ মাজেৰে যাব লগা হৈছিল। বিশেষকৈ গোটেই পথত আমাৰ সৈতে থকা বিশাল জেলিফিছৰ বাবে!’’
আনহাতে, নৰ্থ চেনেল সাঁতুৰি পাৰ কৰা প্ৰথম গৰাকী অসমীয়াৰ উপৰি এলভিছ হাজৰিকাই আন এক সন্মান অৰ্জন কৰিছে। সেয়া হ’ল তেওঁ নৰ্থ চেনেল সাঁতুৰি পাৰ কৰা ভাৰতৰ আটাইতকৈ বয়সীয়া সাঁতোৰবিধ।
নৰ্থ চেনেল সাঁতুৰি পাৰ হ’বলৈ এলভিছ হাজৰিকা আৰু তেওঁৰ দলটোক ১৪ ঘণ্টা ৩৮ মিনিট সময় লাগিছিল।
উল্লেখযোগ্য যে নৰ্থ চেনেল আইৰিছ সাগৰ সমাপ্ত হোৱা Isle of Man-ৰ উত্তৰ দিশত আৰম্ভ হৈ উত্তৰ-পশ্চিম দিশেৰে বৈ আটলান্টিক মহাসাগৰত পৰিছে।
ফে’চবুকত নিজৰ সাফল্যত গৌৰৱান্বিত এলভিছ হাজৰিকাই ‘জয় আই অসম’ লিখা এখন গামোচা আৰু ৰাষ্ট্ৰীয় পতাকা লৈ থকা ফটো শ্বেয়াৰ কৰি কয়, ‘’প্ৰত্যেকজন ভাৰতীয় আৰু অসমবাসীৰ বাবে এইয়া সপোন দিঠক হোৱা এক গৌৰৱৰ মুহূৰ্ত।‘’
লগতে পঢ়ক – তিনিচুকীয়াত দ্ৰুতবেগী ট্ৰেইনৰ খুন্দাত একাদশ শ্ৰেণীৰ ছাত্ৰ কৰুণ মৃত্যু