সদৌ অসম ফুটবল সংস্থা আৰু খেলুৱৈ সকলে সংবাদমেল পাতি
গুৱাহাটীত বৰ্তমান সময়ত ফুটবলৰ বাবে উপযুক্ত খেলপথাৰ নোহোৱাক লৈ ক্ষোভ উজাৰে ৷
নেহেৰু ষ্টেডিয়াম খন ফুটবলৰ বাবে এৰি দিবলৈ আহ্বান মুখ্যমন্ত্রীক।
মৃতপ্রায় অৱস্থাত অসমৰ ফুটবল বুলি মন্তব্য কৰি ইয়াৰ বাবে প্ৰেকটিছ কৰিবলৈ খেলপথাৰ নথকাৰ কথা উল্লেখ কৰে।
খেলপথাৰৰ অভাৱত অনুষ্ঠিত কৰিব পৰা নাই নিয়মীয়া ফুটবল প্ৰতিযোগিতা সমুহ।
দেওবাৰে নেহেৰু ষ্টেডিয়ামৰ কাষত প্ৰতিবাদত বহিব অসম ফুটবল সন্থা।
ৰাধাগোবিন্দ বৰুৱাৰ সপোন আছিল নেহেৰু ষ্টেডিয়াম খন ফুটবলৰ বাবে সংৰক্ষণ কৰা। সেইটো আজিও হৈ নুঠাৰ বাবে ক্ষোভ প্ৰকাশ কৰে ফুটবলাৰসকলে।
বৰ্তমান সময়ত গুৱাহাটীত আটাইকেইখন ফুটবল খেলপথাৰ এতিয়া বন্ধ হৈ আছে।
খেলপথাৰৰ অভাৱৰ বাবেই ৰাজ্যৰ অন্যতম বৰদলৈ ট্ৰফী প্ৰতিযোগিতাও ভালদৰে আয়োজন কৰিব পৰা নাই।
চৰকাৰৰ দলং বনাবলৈ টকা হয় কিন্তু ফুটবলৰ কাৰণে খেলপথাৰ নিৰ্মাণ কৰিবলৈ পইচাৰ অভাব। বৰ্তমান সময়ত অসম ফুটবল সন্থা মৃতপ্রায় অবস্থা।
বিশিষ্ট ফুটবলাৰ দূৰ্গা বড়োৱে কয়, যি খন ৰাজ্যৰ ৰাজধানীতেই যদি খেল পথাৰ নাই তেনেহ’লে সৰু অঞ্চলবোৰত কি সুবিধা থাকিব সেয়া সহজেই অনুমেয়। বড়োৱে আৰু কয়,
“এতিয়া অনুশীলন কত কৰিছো কবলৈ নিজৰে লাজ লাগে। চুবুৰীয়া ৰাজ্যলৈ চালে আমাৰ লাজেই লাগে। বাকী ৰাজ্যত ফুটবলৰ বাবে যথেষ্ট সুবিধা আছে।” সংবাদ মেলত প্ৰশিক্ষক হেম দাস, আৰমান আলীয়েও বক্তব্য ৰাখে।
লগতে পঢ়ক- লালকিল্লাত কৃষকৰ ধ্বজা উৰুৱাই গ্ৰেপ্তাৰ হোৱা পাঞ্জাবী অভিনেতা দীপ সিদ্ধুৰ মৃত্যু