দেশৰ ফুটবল জগতত বহু কেইজন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খেলুৱৈ দিয়া অসমৰ ৰাজধানী চহৰ খনতেই এতিয়া ফুটবল ফিল্ডৰ অভাব।
এটা সময়ত নেহৰু ষ্টেডিয়াম ফুটবলৰ মুল ভেন্যু আছিল যদিও ৰাজ্য চৰকাৰে বৰ্তমান বন্ধ কৰি থৈছে।
যাৰ বাবে আজি খেলুৱৈ সকলে ৰাজপথত প্ৰতিবাদত নামিব লগা হৈছে।
“আমাক ফুটবল খেলিবলৈ এখন ফিল্ড দিয়ক।” এই শ্ল’গান লৈ গুৱাহাটীৰ ৰাজপথত কণ কণ শিশুৰ পৰা ৰাজ্যিক-ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ।
যি সময়ত গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী কৰাৰ কথা কয় সেই সময়তে খেলপথাৰ বিচাৰি ৰাজপথত খেলুৱৈ নামিব লগা হৈছে।
হাতে হাতে ফুটবল প্লে কাৰ্ড লৈ প্ৰতিবাদ ফুটবল খেলুৱৈসকলৰ। ৰাজপথতে ফুটবল অনুশীলন কৰি প্ৰতিবাদ কৰিব লগা হ’ল খেলুৱৈসকল।
নেহৰু ষ্টেডিয়াম, জৰ্জ ফিল্ডত ফুটবল অনুশীলনৰ সুবিধা দিয়াৰ দাবী ফুটবলাৰসকলৰ।
সদৌ অসম ফুটবল খেলুৱৈ সন্থাৰ উদ্যোগত আজি গুৱাহাটী ক্লাবৰ পৰা নেহৰু ষ্টেডিয়ামলৈকে প্ৰতিবাদী ৰেলী উলিওৱা হয়।
চৰকাৰলৈ খেলুৱৈ সকলৰ দাবী ক্ৰীড়াৰ ৰাজধানী নহয় খেলিবলৈ এখন খেলপথাৰ দিয়ক।
অসমৰ বিভিন্ন ঠাইৰ শতাধিক ফুটবল খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত।
বিশেষকৈ নেহৰু ষ্টেডিয়াম ফুটবলৰ বাবে সংৰক্ষণৰ বাবে দাবী খেলুৱৈ সকলৰ।
ক্ৰীড়া বিভাগো আছে ক্ৰীড়া মন্ত্ৰী এগৰাকী আছে ৰাজ্যত।
ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইগৰাকী খেলুৱৈ সৃষ্টি কৰা গাৱে ভূঁঞে বিশেষ সমাদৰ থকা এই ফুটবলৰ বাবে ৰাজধানী গুৱাহাটীতে খেলুৱৈসকলে হাহাকাৰ কৰিব লগা বিষয়টো চকুত কেতিয়া পৰিব সেইটোহে চাবলগীয়া হ’ব।