গুৱাহাটী: গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ বি আৰু চি ডিভিজন ফুটবল লীগ মঙলবাৰৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷
কাইলৈ অনুষ্ঠিত হ’বলগীয়া চি ডিভিজনৰ গ্ৰুপ এৰ প্ৰথম দুখন খেলত ৰয়েল্ছ ক্লাবে আৰামবাগ এফচিৰ বিৰুদ্ধে দিনৰ ২ বজাত আৰু নিউ ষ্টাৰ ক্লাবে বৰলুইত ইউনাইটেড এফচিৰ বিৰুদ্ধে আৱেলি ৩.৩০ বজাত অৱতীৰ্ণ হ’ব ৷
আনহাতে, বি ডিভিজনৰ গ্ৰুপ এৰ প্ৰথম দুখন মেচত স্প’ৰ্টিং ইউনিয়ন ক্লাবে গুৱাহাটী এফচিৰ বিৰুদ্ধে বিয়লি ২ বজাত আৰু পাণবজাৰ বয়জ ক্লাবে ৰাইজিং ইলেভেন ক্লাবৰ বিৰুদ্ধে বিয়লি ৩.৩০ বজাত অৱতীৰ্ণ হ’ব ৷
উল্লেখযোগ্য যে এইবাৰ চি ডিভিজনত ১০ টা দলে আৰু বি ডিভিজনত ৮টা দলে খিতাপ আৰু প্ৰম’চনৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিব ৷
লগতে পঢ়ক – সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা