আজি পুৱা ১১.০০ বজাত উলুবাৰীস্থিত  ডিটিআৰপি ইনড’ৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত অসম মল্লখম্ব সন্থাৰ নিৰ্বাচন অনুস্হিত হয়।

এই নিৰ্বাচনত সভাপতি পদত জয়ী হয় অশোক বৰ্মন। ইফালে উপ সভাপতি পদত জয়ী হয় চন্দন কুমাৰ নাথ, ৰবি দাস আৰু তপনচন্দ্ৰ ৰাভা।

আনহাতে, সাধাৰণ সম্পাদক পদত স্বদেশ আচাৰ্যী, যুটীয়া সম্পাদক ৰেখা মন্ডল আৰু অনিৰুধা বড়ো, পুতুল সোণোৱাল আৰু কোষাধ্যক্ষ পদত নুৰ আলম সৰকাৰ জয়ী হৈছে।

এই কমিটিৰ নৱনিৰ্বাচিত আইনী উপদেষ্টা মাচুমা আহমেদ। আৰু উপদেষ্টা ক্ৰমে-ড০ কোলেন দাস আৰু মুচতাকউদ্দিন আহমেদ।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় অলিম্পিক এছ’চিয়েচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অসম মল্লখম্ব সন্থাৰ কাৰ্যবাহী কমিটিৰ কাৰ্যবাহী সদস্যসকল ক্ৰমে- মিথিংগা ব্ৰহ্ম, তজ্জুল আলী, নাৰায়ণ ক্ষত্ৰিয়,পঞ্চ বিশ্বাস, সহদেৱ ৰয়, প্ৰফুল্ল মন্ডল, ভোলানাথ কৰ্মকাৰ, নাৰায়ণ শৰ্মা, আব্দুল জেলিল বৰা, মমতা চৌধুৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply