নিউজ ডেস্ক: চলিত বৰ্ষৰ আগষ্ট মাহত ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত কমনৱেলথ গেমছৰ লনবলত স্বৰ্ণপদকেৰে জিলিকি উঠা অসমৰ নয়নমণি শইকীয়াক বুধবাৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে অৰ্জুন বঁটা প্ৰদান কৰে।
কালি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে ২০২২ বৰ্ষৰ ক্ৰীড়া তথা দুঃসাহসিক ক্রীড়া বঁটাসমূহ প্রদান কৰে। খেলুৱৈ গৰাকীৰ এই প্ৰাপ্তিত তেওঁলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি অভিনন্দন জনায়।
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ পৰা সন্মানীয় অর্জুন বঁটা গ্ৰহণ কৰা নয়নমণি শইকীয়া হ’ল অসমৰ পৰা এই বঁটা লাভ কৰা সপ্তমগৰাকী খেলুৱৈ। বাকী কেইগৰাকী হৈছে – ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস আৰু লাভলীনা বৰগোঁহাই।
এই বঁটাত অৰ্জুনৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ লগতে মানপত্ৰ আৰু ১৫ লাখ টকাৰ নগদ পুৰস্কাৰ আছে।
২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছৰ পৰা লনবল খেলা নয়নমণিয়ে এতিয়ালৈকে কেইবাটাও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পদক অর্জন কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক – মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ অসম চৰকাৰৰ