গুৱাহাটী : অসম অলিম্পিক সন্থাৰ সভাগৃহত আজি নেটবল সন্থা, অসমৰ এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। জ্যেষ্ঠ উপ-সভাপতি সুৰয চন্দ্ৰ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত ৰাজ্যৰ ৩৩ খন জিলাৰ প্ৰায় ৭০ গৰাকী প্ৰতিনিধিয়ে অসমত নেটবল খেলৰ বিকাশ আৰু সম্প্ৰসাৰণৰ বাবে বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। ৰাজ্যিক সন্থাৰ যুটীয়া সম্পাদক পিকলু ৰয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত দক্ষিণ আফ্ৰিকাৰ কূটনীতিবিদ ড০ কৌলিবেৰী হাৰ্ভ আৰু ভাৰতীয় ৰেলৱে মন্ত্ৰালয়ৰ ক্ৰীড়া পৰামৰ্শদাতা দিল্লীৰ সুৰেশ কুমাৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

নেটবল সন্থা, অসমৰ সম্পাদক বিৰজু ৰামে জনোৱা অনুসৰি সমাগত এছিয়ান চেম্পিয়দশ্বিপৰ বাবে ভাৰতীয় নেটবল ফেডাৰেচনৰ নিৰ্দেশ অনুসৰি অসমত অনুষ্ঠিত হ’ব ছিনিয়ৰ ৰাষ্ট্ৰীয় নেটবল দলৰ প্ৰশিক্ষণ তথা বাচনি শিবিৰ। ইয়াৰে তামুলপুৰত মহিলাৰ আৰু ডিব্ৰুগড়ত পুৰুষ দলৰ শিবিৰ আয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সভাৰ সিদ্ধান্ত অনুসৰি আন্ত:জিলা নেটবল প্ৰতিযোগিতা যোৰহাট জিলাৰ মৰিয়নীত অনুষ্ঠিত হ’ব। তদুপৰি ৰাজ্যৰ চাৰিটা মণ্ডলত চাৰিখন নেটবল একাডেমী স্হাপনৰ সিদ্ধান্ত লোৱা হয়।

ভাৰতীয় নেটবল ফেডাৰেচনৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাৰ বাবে নতুন দিল্লীলৈ ৰাওনা হোৱা ৰাজ্যিক সভাপতি অমিত বাগ্ৰাই সভাত উপস্থিত থাকিব নোৱাৰি শুভেচ্ছামূলক লিখিত ভাষণ প্ৰেৰণ কৰে।

লগতে পঢ়ক- পঞ্চমবাৰৰ বাবে অনুৰ্ধ-১৯ বিশ্বকাপ চেম্পিয়ন হ’ল টীম ইণ্ডিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply