মঙলদৈ, প্ৰবীণ বৰুৱা: মঙলদৈত অনুষ্ঠিত হৈছে উত্তৰ পূব ভাৰত ডবা খেল প্ৰতিযোগিতা। পাঁচ দিনীয়াকৈ মঙলদৈ সৈনিক ভৱনত অনুষ্ঠিত হৈছে এই ডবা খেলখন।
ছিক্কিম, মণিপুৰ, অসম, মিজোৰামকে ধৰি উত্তৰ পূবৰ ৮ ৰাজ্যৰ প্ৰায় দুশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত।
ডবা খেল প্ৰতিযোগিতাত দুশ প্ৰতিযোগীৰ মাজতে সকলোৰে দৃষ্টি কাঢ়িছে বিশেষভাৱে সক্ষম ৰামপ্ৰসাদ চক্ৰৱৰ্তীয়ে।
চকুৰে একেবাৰে নেদেখা ৰামপ্ৰসাদ চক্ৰৱৰ্তীয়েও উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এতিয়ালৈকে বহুকেইখন খেলত জয়ী হবলৈ সক্ষম হৈছে। অকল মঙলদৈতে নহয় চক্ৰৱৰ্তীয়ে অসম দলৰ হৈ ইতিমধ্যে তামিলনাডু, হাৰিয়ানা, গুজৰাটকে ধৰি বহুকেইখন ৰাজ্যত অনুষ্ঠিত হোৱা খেলত অংশগ্ৰহণ কৰি আহিছে।
চকুৰে একেবাৰে নেদেখিলেও ডবা খেলৰ প্ৰতি থকা ৰাপৰ বাবেই এনেদৰে প্ৰতিযোগিতাসমূহত ভাগ লৈ আহিছে তেওঁ।
লগতে পঢ়ক – অংকিতা দত্তক অপসাৰণৰ সন্দৰ্ভত কি ক’লে প্ৰদেশ কংগ্ৰেছে?