গুৱাহাটী : অসম অলিম্পিক সন্থাৰ এটা প্ৰতিনিধি দলে সোমবাৰে অসমৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰি মন্ত্ৰী গৰাকীক সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত যোৱা অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দলটোৱে অনাগত দিনত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখন কিদৰে আগবঢ়াই লৈ যাব তাৰ ওপৰত দীৰ্ঘ সময় ধৰি আলোচনা কৰে। প্ৰতিনিধি দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ক্ৰীড়ামন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে।
ক্ৰীড়ামন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ ভিতৰত অন্যতম হ’ল ৰাষ্ট্ৰীয় পৰ্যায়ত ভাগ ল’বলগীয়া প্ৰতিগৰাকী খেলুৱৈক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা, অসম ৰাজ্যিক পৰিবহণ নিগমে কম নিৰিখত খেলুৱৈক টিকত যোগান ধৰা আৰু অসম ৰাজ্যিক পৰিবহণ নিগমত চাকৰিৰ ক্ষেত্ৰত খেলুৱৈৰ বাবে কোটা সৃষ্টি কৰা, ৰাষ্ট্ৰীয় খেলুৱৈ আৰু অফিচিয়েলৰ বাবে ৰাজ্যৰ অতিথিশালাসমূহত থকাৰ বাবদ লোৱা মূল্য হ্ৰাস কৰা, হাৰিয়ানাত হ’বলগীয়া খেলো ইণ্ডিয়াৰ বাবে ৰাজ্যৰ ক্ৰীড়া বিভাগে অসম অলিম্পিক সন্থা আৰু ইয়াৰ অৰ্ন্তগত ক্ৰীড়া সন্থাসমূহক বিশ্বাসত লৈ কাম আগবঢ়ায় নিয়া, অসম অলিম্পিক ভৱন নিৰ্মাণৰ বাবে সহায়ৰ হাত আগৱঢ়োৱা আদি। এই বিষয়বোৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাই গুৰুত্ব সহকাৰে লয় আৰু অচিৰেই ইয়াৰ সমাধান সুত্ৰ উলিওৱাৰ আশ্বাস দিয়ে।
আৰু পঢ়কঃ কোৰোনাৰ মাজতো টিকটবিহীন ৰেল যাত্ৰীৰ সংখ্যা কমা নাই দেশত
ক্ৰীড়ামন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিবলৈ যোৱাৰ পূৰ্বে অসম অলিম্পিক সন্থাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ অন্যতম হ’ল ইণ্ডিয়ান অলিম্পিক সন্থাৰ অনুমোদন লৈ ৰাজ্যিক যুৱ ক্ৰীড়া অনুষ্ঠিত কৰা, ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ জৰিয়তে লকডাউনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা খেলুৱৈ আৰু অফিচিয়েল সকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক সহায়ৰ দিহা কৰা, মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ ফালৰ পৰা আৰ্থিক অনুদান আগবঢ়োৱা, প্ৰয়োজনবোধ কৰা সকলৰ মাজত খাদ্য, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰা।