গুৱাহাটী : ব্ৰাজিলত হ’বলগীয়া বধিৰ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ টাইকোৱানডো খেলুৱৈ অভিনন্দন গোস্বামী, মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত পদকজয়ী ছানমা ব্ৰহ্ম আৰু চিৰঞ্জিত বড়ো তথা ইণ্ডো আৰবিয়ান গেটৱে’ মুম্বাই চাৰ্কল সাঁতোৰা উত্তৰ পূবৰ প্ৰথমজন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাক দেওবাৰে অসম অলিম্পিক সন্থাই সম্বৰ্ধনা জনায়।
এলভিছ আলি হাজৰিকাই নতুন অভিলেখ সৃষ্টিৰে ৫৩ ঘণ্টাত ভাৰত-আৰৱ গেটৱে, মুম্বাই চাৰ্কল সাঁতুৰি উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী সাঁতোৰবিদ হিচাবে অভিলেখ ৰচনা কৰিছিল। আনহাতে
ছানমা ব্ৰক্ষ্মই মস্কোত অনুষ্ঠিত ষ্টাৰ উশ্বু ছেম্পিয়নশ্বিপত ছিনিয়ৰ শাখাত ৰূপ আৰু ব্ৰঞ্জৰ পদক জয়ী হৈ ৰাজ্যলৈ গৌৰব কঢ়িয়াই আনিছে।
সেইদৰে চিৰঞ্জিত বড়োৱে মস্কোত অনুষ্ঠিত ষ্টাৰ উশ্বু ছেম্পিয়নশ্বিপত জুনিয়ৰ শাখাত ৰূপ আৰু ব্ৰঞ্জৰ পদক জয়ী হোৱাৰ লগতে অভিনন্দন গোস্বামীয়ে ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া বধিৰ অলিম্পিকলৈ টাইকোৱাণ্ডো খেলুৱৈ হিচাবে নিৰ্বাচিত হৈছে।
অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে নৱ প্ৰজন্মক নিচামুক্ত কৰি ৰখাৰ একমাত্র উপায় হ’ল ক্ৰীড়া। তদুপৰি ক্ৰীড়াবিদসকলক সহায় কৰাৰ বাবে এটা ব্যবস্থা সৃষ্টি কৰিব লাগিব বুলি উল্লেখ কৰে বিধায়কজনে।
এই বিষয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে বুলিও তেওঁ লগতে কয়। অনুষ্ঠানত সম্বৰ্ধিত খেলুৱৈসকলৰ পিতৃ-মাতৃৰ লগতে অসম অলিম্পিক সন্থাৰ ৰিতুবৰণ শৰ্মা, কল্যাণ গগৈ, সঞ্জীব সন্দিকৈ, প্ৰণয় বৰদলৈ, অৰুণজ্যোতি মৰাণ, বিষ্ণুৰাম নুনিছা, মুৰলীধৰ চৌধুৰী আদি বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য, ঘৰতে অনুশীলন কৰিবৰ বাবে অসম অলিম্পিক সন্থাই অভিনন্দন গোস্বামীক এই অনুষ্ঠানতে টাইকোৱানডোৰ ক্ৰীড়া সামগ্রী প্ৰদান কৰে।