গুৱাহাটী : হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে অসম অলিম্পিক সন্থাইও দেওবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰে। অসম অলিম্পিক সন্থাৰ সভাগৃহত আয়োজিত এই অনুষ্ঠানত ক্ৰীড়াবিদজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে “টকিঅ’ অলিম্পিকৰ পৰ্যালোচনা, অলিম্পিকত অসমৰ খেলুৱৈৰ ভৱিষ্যত আৰু সম্ভাৱনা” শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।

অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আঁতধৰা অনুষ্ঠানটোত বক্তা হিচাপে উপস্থিত থাকে অসমৰ আন্তঃৰাষ্ট্ৰীয় বেডমিন্টন খেলুৱৈ মাধুৰ্য বৰুৱা আৰু বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰাৰ্থনা হাজৰিকা। ওড়িশা, ৰাজস্থান আৰু হাৰিয়ানাত ক্ৰীড়াক্ষেত্ৰৰ লগত জৰিত হৈ লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ মাধুৰ্য বৰুৱাই কয় যে ক্ৰীড়াৰ বিকাশৰ কাৰণে ৰাজ্য চৰকাৰৰ সঠিক পৰিকল্পনাৰ প্ৰয়োজন। ৰাজ্য চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে সদায় কমকৈ ধন নিৰ্ধাৰণ কৰে বুলি অভিযোগ কৰি থকা হয়। কিন্তু যিখিনি ধন আৱন্টন দিয়ে সেইখিনিৰ সঠিক ব্যৱহাৰ প্ৰয়োজন বুলি কয় মাধুৰ্য বৰুৱাই।

অসমত ক্ৰীড়াৰ বাবে কাম কৰিবলৈ ইচ্ছা ব্যক্ত কৰা মাধুৰ্য বৰুৱাই লগতে কয় যে অসমত ক্ৰীড়াৰ উন্নতি সাধন কৰিবলৈ হ’লে প্ৰশিক্ষকৰ প্ৰশিক্ষণৰ বিষয়টোত গুৰুত্ব দিব লাগিব।তদুপৰি তৃণমুল পৰ্যায়ত প্ৰতিভা সন্ধানী আঁচনি, গাঁও বা আঞ্চলিক পৰ্যায়ত এগৰাকী খেলুৱৈ আঘাতপ্ৰাপ্ত হ’লে তেওঁৰ চিকিৎসা কেনেকৈ কৰা হ’ব, স্কুল পৰ্যায়ত সঘন প্ৰতিযোগিতাৰ আয়োজন, চেন্টাৰ অৱ এক্সেলেন্স, হাই পাৰফৰমেন্স স্পৰ্টছ চেন্টাৰ স্থাপন আদি বিষয়বোৰত গুৰুত্ব দিব লাগিব। অসম অলিম্পিক সন্থাক জিলা ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ক্ৰীড়াবিদৰ সমস্যাবোৰ সমাধান কৰাত আগভাগ লবলৈ পৰামৰ্শ দিয়ে মাধুৰ্য বৰুৱাই।

লগতে পঢ়ক  : বকলীয়াঘাটত কেইবা লক্ষাধিক চোৰাং কাঠসহ দুজনক আটক

আনহাতে, বক্তৃতা প্ৰদান কৰি ক্ৰীড়া সাংবাদিক প্ৰাৰ্থনা হাজৰিকাই কয় যে অলিম্পিক ক্ৰীড়াক আগবঢ়াই নিয়াৰ এইটোৱে উপযুক্ত সময়। নীৰজ চোপ্ৰা, মীৰাবাঈ চানুৱে কোৱাৰ দৰে প্ৰতিগৰাকী খেলুৱৈক মৰম আৰু সহযোগিতা কৰিলে দেশে অনাগত দিনত আৰু ভাল ফলাফল পাব। ক্ৰীড়াক বিজ্ঞানসন্মতভাৱে আগবঢ়াই নিয়াৰ বাবে মিডিয়াৰ সবল ভূমিকা, কৰ্পৰেট হাউছৰ অন্তৰ্ভুক্তি, আঞ্চলিক পৰ্যায়ত লীগ আয়োজন আদি বিযয়বোৰত বিস্তৃত বিশ্লেযণ আগবঢ়াই প্ৰাৰ্থনা হাজৰিকাই। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থকাৰ লগতে জেষ্ঠ্য সাংবাদিক প্ৰণয় বৰদলৈ আৰু ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনে ভাষণ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply