গুৱাহাটী : গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন। ১৯ ডিচেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত হ’বলগীয়া এই সভাখন সুচাৰুৰূপে আয়োজন কৰিবৰ বাবে অসম অলিম্পিক সন্থাই ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত শুকুৰবাৰে এখন সংবাদমেল আয়োজন কৰি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে সভাখনত ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰায় ২০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।
সভাখনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ পৰা নীতা আম্বানিৰ উপৰি অঞ্জু ববী জৰ্জৰ দৰে প্ৰাক্তন তাৰকা খেলুৱৈও উপস্থিত থাকিব। লক্ষ্য কোঁৱৰে লগতে কয় যে বিগত বছৰসমূহত গুৱাহাটীয়ে উচ্চমানৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি থকাৰ বাবেই বেংগালুৰু, গুৰুগ্ৰাম আৰু নতুন দিল্লীৰ দৰে স্থানক পিছ পেলাই ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন আয়োজনৰ সুযোগ লাভ কৰিছে। প্ৰতিনিধিসকল হোটেল নভ’টেল আৰু ভিভান্টাত থকিব বুলিও কোঁৱৰে লগতে জানিবলৈ দিয়ে। উল্লেখ্য, অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সফলতাৰে আয়োজন কৰাৰ বাবে হেমন্ত কুমাৰ কলিতাৰ নেতৃত্বত অসম অলিম্পিক সন্থাই এখন অভ্যৰ্থনা কমিটি গঠন কৰি দিছে।
লগতে পঢ়ক : তেজপুৰত পুখুৰীত বিহ দি শ শ মাছ হত্যা
আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও গুৱাহাটীত ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে সুখ প্ৰকাশ কৰি সকলোধৰণৰ সহায়ৰ আশ্বাস দিছে। তদুপৰি ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচনৰ সকলো কাম কাজ নিয়াৰিকৈ কৰাৰ বাবে ১ ডিচেম্বৰৰ পৰা অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজক কমিটিৰ সচিবালয় সষ্টম হৈ পৰিব।