নিউজ ডেস্ক: চলিত মাহৰ ২৭ জানুৱাৰীত ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথম খেলৰ বাবে বি চি চি আইৰ পৰ্যবেক্ষক হিচাপে পৰীক্ষিত দত্তক নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে, পৰীক্ষিত দত্ত অসমৰ যুৱ ক্ৰীড়া সংগঠক তথা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি আৰু বৰ্তমান তেওঁ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতিৰ দায়িত্বত আছে।

দত্তই অসম ক্ৰিকেট সন্থাৰ দুটা কাৰ্যকালৰ বাবে উপ সভাপতিৰ দায়িত্ব দক্ষতাৰে পালন কৰাৰ উপৰিও বিগত সময়চোৱাত অসমত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলসমূহটো সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।

লগতে পঢ়ক – ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ১৬টা পদকৰে অসমলৈ গৌৰৱ চিলাপথাৰৰ পেনচাক চিলাত দলৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply