ধেমাজি, অংকুৰ নৰহ: যোৱা ১৩ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ মহাৰাষ্ট্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেনচাক চিলাত প্ৰতিযোগীতাত পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা চিলাপথাৰৰ দলটোক উষ্ম আদৰণি জনোৱা হয়।
শনিবাৰে পুৱা চিলাপথাৰ ৰে’লৱে ষ্টেচনত আটাছুকে ধৰি স্থানীয় বিভিন্ন সংগঠনে দলটোক আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনায়।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত চিলাপথাৰৰ পৰা যোৱা ২১ জনীয়া খেলুৱৈৰ দলটোৰ ৭ জনে সোণ, ২ জনে ৰূপ আৰু ৭ জনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
আজি ট্ৰেইনেৰে আহি চিলাপথাৰ ৰে’লৱে ষ্টেচনত উপস্থিত হোৱা দলটোৰ সাফল্যত উৎফুল্লিত আটাছুৰ লগতে বিভিন্ন সংগঠন তথা স্থানীয় ৰাইজে খেলুৱৈসকলৰ লগতে প্ৰশিক্ষক, ক্ৰীড়া সংগঠকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
লগতে পঢ়ক – ৰোজগাৰ মেলাত উত্তৰ-পূবৰ দুই শতাধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান