নিউজ ডেস্ক: অসমৰ প্ৰতিভাসম্পন্ন তৰুণ এথলীট অম্লান বৰগোহাঁয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই ৰাষ্ট্ৰীয় অভিলেখ স্থাপন জৰিয়তে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
সোমবাৰে উত্তৰ-প্ৰদেশৰ ৰায় বৰেলীত অনুষ্ঠিত হোৱা ৮৭ সংখ্যক ইন্টাৰ ৰে’লৱে এথলেটিকচ চেম্পিয়নশ্বিপত অম্লানে মাত্ৰ ১০.২৫ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সমাপ্ত কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে।
২৪ বছৰীয়া অম্লানে অমিয় কুমাৰ মালিকৰ (১০.২৫ ছেকেণ্ডৰ) ছবছৰ পুৰণি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্বে অম্লানে যোৱা বছৰ ৱাৰেংগালত অনুষ্ঠিত নেশ্যনেল অ’পেনত ১০.৩৪ ছেকেণ্ডত ১০০ মিটাৰ সম্পূৰ্ণ কৰিছিল।
উল্লেখযোগ্য যে সোমবাৰে স্থাপন কৰা উক্ত অভিলেখে অম্লানলৈ দেশৰ দ্ৰুত এথলীটৰ সন্মান কঢ়িয়াই আনে।
লগতে পঢ়ক – নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা প্ৰথমে উৎপাদন কৰিব ৫০০ মেগাৱাট বিদ্যুৎশক্তি