নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত খেলো ইণ্ডিয়াৰ পঞ্চম সংস্কৰণ শনিবাৰে সফল সামৰণি পৰে। এইবাৰ সংস্কৰণত অসমে সাতটা পদকৰে ২১ নম্বৰ স্থানতে সন্তুষ্ট হ’বলগীয়া হয়।

অসমে লাভ কৰা সাতটা পদৰ ভিতৰত ৪ টা ভাৰোত্তোলন‌ আৰু এটাকৈ সাঁতোৰ, বক্সিং আৰু থাং-টা ত মেডেল পাবলৈ সক্ষম হয়।

ভাৰোত্তোলনত পম্পী সোণোৱালে স্বৰ্ণ, সিদ্ধান্ত গগৈ আৰু প্ৰবাল প্ৰতিম গগৈয়ে ৰূপ আৰু কপিল সোণোৱালে ব্ৰঞ্জৰ পদক লাভ কৰে। থাং-টাত সীমা সিংহাই স্বৰ্ণ, সাঁতোৰত জনঞ্জয় জ্যোতি হাজৰিকাই ৰূপ আৰু বক্সিঙত আইকণ মিলিয়ে ব্ৰঞ্জ পাবলৈ সক্ষম হয়।

এইবাৰৰ খেলো ইণ্ডিয়াত মহাৰাষ্ট্ৰই মুঠ ১৬১ টা পদকৰে শীৰ্ষস্থান দখল কৰে লগতে দ্বিতীয় স্থানত মুঠ ১২৮ টা পদকেৰে হাৰিয়ানা আৰু মধ্য প্ৰদেশে ৯৬ টা পদকেৰে তৃতীয় স্থান হয়।

উত্তৰ-পূবৰ ভিতৰত মণিপুৰে হে কেৱল প্ৰথম দহটা স্থানৰ ভিতৰত সপ্তম স্থান দখল কৰে। অৰুণাচলে ১৭ নম্বৰ , ছিক্কিমে ২৬ নম্বৰত, মেঘালয় আৰু মিজোৰাম ২৮ নম্বৰত, নাগালেণ্ড আৰু ত্ৰিপুৰাই ৩১ নম্বৰ স্থান প্ৰাপ্ত কৰে।

লগতে পঢ়ক – বিৰোধীক তীব্ৰ সমালোচনাৰে ত্ৰিপুৰা নিৰ্বাচনী সভাত মোদীৰ ভাষণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply