টীয়ক, স্মৃতি প্ৰিয়া লাহন: বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক পৰ্য্যায়ৰ টাইকোৱানডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে জগদুৱাৰ কাকতি গাঁৱৰ অৰিহণ শইকীয়াই।

উল্লেখযোগ্য যে যোৱা ১৭ জুলাইৰ পৰা ২০ জুলাইলৈ বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয় খেলপথাৰত সদৌ অসম টাইকোৱানডো সংস্থাৰ অধীনত তথা বঙাইগাঁও জিলা টাইকোৱানডো সংস্থাৰ উদ্যোগত অনুষ্ঠিত ৩৭ সংখ্যক অসম ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতাত ৩৩ কেঃজিঃ অনুৰ্ধ্ব শাখাত টীয়কৰ জগদুৱাৰ কাকতি গাঁৱৰ অঞ্জন শইকীয়া আৰু সংগীতা বৰা শইকীয়াৰ পুত্ৰ অহিৰণ শইকীয়াইসোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

মাত্ৰ ৭ বছৰ বয়সৰ অহিৰণৰ সৰুৰে পৰা খেলাধূলাৰ প্ৰতি ৰাপ দেখি অভিভাৱকে সমৰকলাৰ আনুষ্ঠানিক শিক্ষাৰ বাবে কনমাণিটোক আমগুৰিৰ এক সমলকলা প্ৰশিক্ষণ কেন্দ্ৰত নাম লগাই দিয়ে আৰু তাতে প্ৰশিক্ষণ লৈ অহিৰণে ইতিমধ্যে নিজৰ পাৰদৰ্শিতাৰে জিলিকি উঠিছে।

অহিৰণৰ এই সাফল্যত এতিয়া সমূহ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে আৰু অনাগত দিনবোৰত আৰু আগুৱাই যাবলৈ সকলোৱে আশীৰ্বাদ জনাইছে।

লগতে পঢ়ক – চাকৰি; IIT গুৱাহাটীত Office Assistant-ৰ পদ খালী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply