গুৱাহাটী: অসম এথলেটিক্স  সন্থাৰ উদ্যোগত আজিৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতা।

পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ৰ পৰা ৯০ বছৰ উৰ্ধ্বৰ প্ৰায় ৩ শতাধিক খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে।

৫০০০ মিটাৰ দৌৰ ইভেন্টেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত  থাকে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ বিভাগৰ সঞ্চালক নিৱেদন দাস পাটোৱাৰী, অসম এথলেটিক্স  সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, সম্পাদক অশোক ভড়ালীৰ লগতে সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়া।

ক্ৰীড়া বিভাগৰ সঞ্চালক গৰাকীয়ে খেলুৱৈসকলক ক্ৰীড়াক্ষেত্ৰত অসমৰ নাম উজলাই তুলিবলৈ আহ্বান জনায়।

দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰথম দিনা দৌৰ, হাইজাম্প আৰু থ্ৰ’ ইভেন্টেৰ খেলসমূহ অনুষ্ঠিত হয়। প্ৰতিযোগিতাত খেলুৱৈসকলৰ প্ৰদৰ্শন আৰু উৎসাহে দৰ্শকক আপ্লুত কৰা দেখা যায়।

লগতে পঢ়ক – চলিত পৰ্যটন বর্ষত কাজিৰঙালৈ আহিছে ২,৫৫,৬৭৬ গৰাকী পৰ্যটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply