আস্থা চৌধুৰী

বাংগালুৰু: ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ জলপৰী আস্থা চৌধুৰীয়ে নতুন অভিলেখ ৰচনা কৰি লাভ কৰে স্বৰ্ণ পদক | ১৭ বছৰীয়া আস্থাই ১০০ মিটাৰ বাটাৰফ্লাইত ১:০২:৭১ ছেকেন্ডত সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় স্তৰত নতুন অভিলেখ গঢ়ে |

দুটা বছৰ ক’ভিড সৃষ্ট পৰিবেশৰ বাবে বন্ধ হৈ থকাৰ পিছত পাঁচ দিনীয়াকৈ বাংগালুৰুত আয়োজন কৰিছে ৩৭ সংখ্যক চাবজুনিয়ৰ আৰু ৪৭ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা | ৩২ খন ৰাজ্যৰ ২৫০০ গৰাকী প্ৰতিযোগীয়ে অংশ লোৱা এই প্ৰতিযোগিতাতে নতুন অভিলেখ ৰচনা কৰে অসমৰ জলপৰী আস্থাই |

ৰূপম চৌধুৰী আৰু মণিকা চৌধুৰীৰ কন্যা আস্থাই বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ সফলতা লাভ কৰিছিল |

লগতে পঢ়ক-কেন্দ্ৰীয় ডেপুটেশ্যনত থকা আশীষ ভুটানী পুনৰ অসমলৈ

শিৱসাগৰৰ আস্থাই জুনিয়ৰ ১০০ মিটাৰ বাটাৰফ্লাইত স্বৰ্ণ লাভ কৰাৰ লগতে শিৱসাগৰৰে অন্বেষা খনিকৰে ২০০ মিটাৰত স্বৰ্ণ জয় কৰে | জুনিয়ৰ শাখাত বিক্ৰম চাংমাইয়ে ৰূপৰ পদক জয়ী হয় | অসম দলে এতিয়ালৈকে ৫ টা স্বৰ্ণ ৩টা ৰূপ আৰু ২টা ব্ৰঞ্জসহ ১০টা পদক লাভ কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply