স্প’ৰ্টছ ডেস্ক – কি হ’ব ক্ৰিষ্টিয়ানো ৰোণাল্ড’ৰ ভৱিষ্যৎ? মানচেষ্টাৰ ইউনাইটেড এইবাৰ চেম্পিয়নছ লীগতো নাই। সেয়ে মন বহা নাই ছুপাৰষ্টাৰ চিআৰ ছেভেনৰ। মান ইউক স্পষ্টকৈ কৈ দিছে যে যদি আন কোনো ক্লাবে তেওঁক ক্ৰয় কৰিব বিচাৰে, তেওঁলোকে ইয়াক বিবেচনা কৰা উচিত। ইয়াৰ পিছত, তেওঁৰ নাম চেলচি, বেয়াৰ্ণ মিউনিখ, পিএছজিৰ সৈতে সাঙোৰ খাই পৰিছে। পিএছজিৰ কথা ওলাওতে মেছিয়ে ইতিমধ্যেই মৃদু ধমক দিছে।
এতিয়া কোনোফালেই একো হোৱাগৈ নাই। সকলোৱেই পিছু হুহকিছে ৩৭ বছৰীয়া ৰোণাল্ডোক চৰা দামত কিনিবলৈ। ইফালে, ৰোনাল্ডোৱে মান ইউৰ প্ৰাক-ছিজন প্ৰস্তুতিতো যোগদান কৰা নাই।
শেহতীয়াকৈ তেওঁৰ নাম এটলেটিকো মাদ্ৰিদৰ সৈতে চৰ্চিত হৈছে। প্ৰখ্যাত সাংবাদিক চাচা টাভলিয়েৰীয়ে কৈছে যে এটলেটিকো ডি-মাদ্ৰিদে ৰোনাল্ডোক স্বাক্ষৰ কৰিবলৈ আত্মবিশ্বাসী হৈ আছে আৰু প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে সম্পূৰ্ণ কৰিও তুলিছে।
জানিব পৰা মতে, ৰোনাল্ডোৰ এজেণ্ট জৰ্জ মেণ্ডেছেও স্পেইনলৈ অহাৰ মন মেলিছে। তেওঁ এটাৰ পিছত এটা ক্লাবৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে, যাতে ৰোনাল্ডোৱে চেম্পিয়নছ লীগত খেলিব পাৰে। যদি তেওঁ মানচেষ্টাৰত থাকে, তেন্তে তেওঁ আগন্তুক ছিজনত সেই সুযোগ নাপাব। ইফালে, প্ৰাপ্ত এক খবৰ অুসৰি কেইদিনমান আগতে এথলেটিকোৰ সভাপতি এনৰিক চেৰেজোৱে কৈছিল যে তেওঁ ৰোনাল্ডোক ক্ৰয় কৰাৰ কথা ভবা নাই। কিন্তু টাভিলিয়েৰীয়ে কয় যে সভাপতিয়ে এনেদৰে ক’লেও, ক্লাবৰ আন সদস্যসকলে ৰোনাল্ডোক দললৈ নিব বিচাৰে। ট্ৰান্সফাৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভও হৈছে।
উল্লেখ্য যে ৰোণাল্ডোৱে একেখন চহৰতে দীৰ্ঘদিন ধৰি এটলেটিকোৰ প্ৰতিদ্বন্দী ৰিয়েলৰ হৈ খেলিছে। সেই সময়ত, তেওঁ এটলেটিকোক কেইবাবাৰো বিধ্বস্ত কৰিছিল। লা লীগা হওঁক বা চেম্পিয়নছ লীগ হওঁক, ডিয়েগো চিমিঅ’নিৰ দলটোৱে পৰ্তুগীজ চুপাৰষ্টাৰৰ ওচৰত বাৰে বাৰে নতশিৰ হ’ব লগা হৈছিল। পিছে CR7 এইবাৰ সেই দললৈ যাব নে নাযায়, সেয়া সময়েহে ক’ব।