নিউজ ডেস্ক: ক্ৰিকেট ইতিহাসৰ অন্যতম কিম্বদন্তি শ্বেন ৱাৰ্ণ আৰু নাই। আজি থাইলেণ্ডত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ মৃত্যু হয়।
অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণক ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ লেগ স্পিনাৰ হিচাপে গণ্য কৰা হয়। ৱাৰ্ণে টেষ্ট ক্ৰিকেটৰ পৰা দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
থাইলেণ্ডৰ Koh Samui-ত ৫২ বছৰীয়া ক্ৰিকেটাৰ গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটা বুলি তেওঁৰ মেনেজমেণ্ট কোম্পানীৰ তৰফৰ পৰা জনোৱা হয়।
উল্লেখযোগ্য যে ১৯৯২চনৰ পৰা ২০০৭ চনৰ ভিতৰত নিজৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জীৱনত শ্বেন ৱাৰ্ণে ১৪৫ খন টেষ্ট আৰু ১৯৪ খন এদিনীয়া মেচত মুঠ ১০০১ উইকেট দখল কৰিছিল।
লগতে পঢ়ক – ৰুছ-ইউক্ৰেইনৰ যুদ্ধত ভংগ হ’ল এইখন দেশৰ ২০০ বছৰীয়া ‘নিৰপেক্ষতা’ৰ স্থিতি
অষ্ট্ৰেলিয়াৰ হৈ ৩০০ খনতকৈ অধিক বাৰ আন্তৰাষ্ট্ৰীয় মেছত অংশ লোৱা শ্বেন ৱাৰ্নে টেষ্ট ক্ৰিকেটত ৭০৮ উইকেট আৰু এদিনীয়াত ২৯৩ উইকেট দখল কৰিছে।
আজি পুৱা ৰড মাৰ্চৰ মৃত্যুত টুইটাৰত শোকপ্ৰকাশ কৰা ৱাৰ্নে বিয়লি নিজেই সাৱটিলে সেই মৃত্যুক। ক্ৰিকেটেই নহয় অনিশ্চয়তাৰ খেল, জীৱনো অনিশ্চয়তাৰ খেলা!