নিউজ ডেস্ক : চলিত টকিঅ’ পেৰালমিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত প্ৰথমটো স্বৰ্ণ কঢ়িয়াই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে ১৯ বছৰীয়া অবনী লেখাৰাই।

উল্লেখযোগ্য যে পেৰালিম্পিকৰ ইতিহাসত স্বৰ্ণ লাভ কৰা অবনী ভাৰতৰ চতুৰ্থ গৰাকী খেলুৱৈ আৰু প্ৰথম গৰাকী মহিলা।

আহক দেশৰ নাম উজলাই তোলা এই গৰাকী খেলুৱৈৰ বিষয়ে কেইটানাম কথা জানো-

১. ২০১২ চনত সংঘটিত এক পথ দুৰ্ঘটনাত অবনী লেখাৰাই মেৰুদণ্ডত আঘাত পাইছিল আৰু তেওঁ কঁকালৰ তলৰ অংশ বিকল হৈ পৰে।

২. ৰাজস্থানৰ জয়পুৰত জন্মগ্ৰহণ কৰা অবনীয়ে ২০১৫ চনত জয়পুৰৰ জগতপুৰা ক্ৰীড়া প্ৰকল্পত শ্বুটিং শিকা আৰম্ভ কৰে।

৩. ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা আইনত উচ্চ শিক্ষা গ্ৰহণ কৰা অবনীৰ পিতৃ-মাতৃ দুয়োগৰাকী ৰাজস্থানৰ প্ৰশাসনিক বিষয়া।    

৪. অবনীক তেওঁৰ পিতৃয়ে ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰি আহিছিল। প্ৰথম অৱস্থাত তেওঁ শ্বুটিং আৰু আৰ্চাৰি দুয়োটাতে মনোনিৱেশ কৰিছিল যদিও পিছলৈ শ্বুটিঙৰ প্ৰতি আগ্ৰহ বাঢ়ে। শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ কিতাপখন পঢ়াৰ পিছত তেওঁ ইয়াৰ প্ৰতি অধিক অকৃষ্ট হয়।

৫. অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ অৰ্জন কৰা শ্বুটাৰ অভিনৱ বিন্দ্ৰাক তেওঁ নিজৰ ৰ’ল মডেল হিচাপে গ্ৰহণ কৰি আহিছে।

৬. ২০১৭ চনত অবনীয়ে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। সেইবাৰ তেওঁ UAE’ৰAl Ain –ত অনুষ্ঠিত বিশ্ব কাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

৭. খেলৰ উপৰি অবনীয়ে সংগীত শুনি, চিনেমা চাই, ৰন্ধা-বঢ়া কৰি আৰু পৰিয়ালৰ সৈতে সময় পাৰ কৰি ভাল পায়।

৮. পেৰালিম্পিকত স্বৰ্ণ অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অৱনীক উদ্যোগপতি আনন্দ মহিন্দ্ৰাই এক বিশেষ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে। খেলুৱৈ গৰাকীক এখন বিশেষভাৱে সক্ষমসকলৰ বাবে ডিজাইন কৰা প্ৰথমখন SUV (customised) প্ৰদান কৰাৰ হ’ব বুলি উদ্যোগপতি গৰাকীয়ে টুইটাৰত ঘোষণা কৰে।

৯. অবনীয়ে এতিয়া লৈকে লাভ কৰা কেইটামান খিতাপ হৈছে – ২০১৭ চনৰ WSPS WORLD CUP ALAIN –ত ৰূপৰ পদক, ২০১৭ চনৰ WSPS WORLD CUP BANGKOK –ত ব্ৰঞ্জৰ পদক, ২০১৯ চনৰ WSPS WORLD CUP CROATIA –ত ৰূপৰ পদক আৰু ২০২১ চনৰ WSPS WORLD CUP ALAIN –ত ৰূপৰ পদক।

লগতে পঢ়ক : নাইজেৰিয়ান ড্ৰাগছ মাফিয়াৰ পৰা বিশাল চৌধুৰীয়ে সংগ্ৰহ কৰিছিল কোকেইন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply